দলবদ্ধ আক্ৰমণ আমছুৰ নেতাক

0

ঘটনা অনুসৰি বুধবাৰে নিশা জুৰীয়া বজাৰত এখন চাৰি চকীয়া গাড়ীৰে অহা কেইগৰাকীমান পুৰুষ-মহিলাক পথ আগুচি ধৰি কুখ্যাত ড্ৰাগছ পেডলাৰ একৰাম হুছেইনৰ লগতে ৪/৫ দুৰ্বৃত্তৰ দলে ভয়‌ ভাবুকি দি আছিল। ততাতৈয়াকৈ এই খবৰ পাই উক্ত স্থানত উপস্থিত হয় আমছুৰ নেতা আছিকুৰ ৰহমান। আমছুৰ নেতা আছিকুৰ ৰহমানে কাজিয়াত বাধা দিওঁতেই কুখ্যাত ড্ৰাগছ পেডলাৰ একৰাম হুছেইনৰ নেতৃত্বত দুৰ্বৃত্তৰ দলে প্ৰথমে আমছুৰ নেতা আছিকুৰ ৰহমানক গালিগালাজ পিছত ইটা আৰু চোকা অশ্ৰৰে দলবদ্ধ বাবে আক্ৰমণ কৰি আমছুৰ নেতাজনক অচেতন অবস্থাত পেলাই থৈ যায় ।

স্থানীয় ৰাইজৰ সহযোগত আমছুৰ নেতাজনক উদ্বাৰ কৰি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ড্ৰাগছ পেডলাৰ বাহিনীৰ আক্ৰমণত আমছুৰ নেতাজন বৰ্তমান সংকটজনক অৱস্থা।

পূৰ্বৰ আখেজৰ বাবেই এই দলবদ্ধ আক্ৰমণ কৰা হয় বুলি উল্লেখ কৰে বিভিন্ন দল-সংগঠনে। আমছু,নেমছু, অসম সংখ্যলঘু সংগ্ৰাম পৰিষদৰ লগতে জুৰীয়া প্ৰেছ ক্লাৱেও আমছুৰ নেতা আছিকুৰ ৰহমান লগত হোৱা আক্ৰমণক তীব্ৰ নিন্দা জানাই ২৪ ঘন্টাৰ ভিতৰত দুৰ্বৃত্তৰ দলক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে স্থানীয় প্ৰশাসনৰ ওচৰত।

Leave A Reply

Your email address will not be published.