ৰঙিয়া আৰক্ষীৰ জালত পত্নী হত্যাকাৰী ৰাহুল কুমাৰ সিং
চলিত মাহৰ ৩ তাৰিখে ৰঙিয়াত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ ৰঙিয়া কেন্দুপুনা ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত আছিল এই জন ৰাহুল কুমাৰ সিং ৷

৩ জুলাই তাৰিখে বহিঃ ৰাজ্যৰ ৰাহুল কুমাৰ সিঙে নিজৰ ভাড়া ঘৰতে নিজ পত্নীক নৃশংস ভাৱে হত্যা কৰিছিল ৷ এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি ১৫ দিনৰ পৰা আত্মগোপন কৰি আছিল হত্যাকাৰী ৰাহুল কুমাৰ সিং ৷
কিন্তু অৱশেষত ১৫ দিনৰ অন্তত লুকাই থকা ৰাহুল কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰিছে ৰঙীয়া আৰক্ষীয়ে ৷ এক গোপন সূত্রৰ পৰা পোৱা তথ্যৰ ভিত্তিত মহানগৰৰ গণেশগুৰীৰ পৰা আটক কৰে হত্যাকাৰী ৰাহুল কুমাৰ সিঙক ৷ বর্তমান ৰাহুল সিং আৰক্ষীৰ জিম্মাত আছে ৷
