বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ

0

বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ। সমষ্টিয়ে সমষ্টিয়ে বাঢিছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। বিপিএফ দলৰ মাজতো বৃদ্ধি হৈছে নিৰ্বাচনী তৎপৰতা। বৃহস্পতিবাৰে তামুলপুৰৰ কচুবাৰীস্থিত বিষ্ণুপুৰী সেৱাশ্ৰমত বিপিএফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়।

দলীয় নেতা মাধৱ দাসে আঁত ধৰা অনুষ্ঠানটোত তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, তামুলপুৰ জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি মহেশ্বৰ বসুমতাৰী, যুৱ নেতা জিতেন মুছাহাৰী যোগেন বসুমতাৰীয়ে, ৰিংচাৰ বড়ো আদি কেইবাগৰাকীও নেতাই উপস্থিত থাকে। বৃহস্পতিবাৰৰ এই সভাতেই বিপিএফৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি জি এছ পি আৰু ইউপিপিএল দলৰ পৰা শতাধিক লোকে আজি বিপিএফ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। বৃহস্পতিবাৰে যোগদান কৰা সকলক বিপিএফ দলৰ তৰফৰ পৰা দলীয় ভাৱে উষ্ম আদৰণি জনোৱা হয়।

Leave A Reply

Your email address will not be published.