চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান
লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত পুনৰ চলিছে চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান। ভুৰাগাঁৱত চলিছিল চোৰাং চিকাৰীৰ বিৰূদ্ধে এই অভিযান। লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাৰ নেতৃত্বত এইবাৰ অভিযান চলিছিল ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বকোৱামাৰি আৰু বালিপাৰাত ।

অভিযান কালত আৰক্ষীয়ে তিনিজন চোৰাং চৰাই চিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত চোৰাং চিকাৰী কেইটা ক্ৰমে বকোৱামাৰিৰ জয়নাল আব্দিন আৰু পশ্চিম বালিপাৰা জংঘলৰ আমিৰ উদ্দিন আৰু জয়নাল আৱদিন। আৰক্ষীৰ দলটোৱে ধৃত চোৰাং চিকাৰীৰ কবলৰ পৰা ১৮ টা নিষিদ্ধ চৰাই আৰু ১০টা বাকচ জব্দ কৰে। বৰ্তমান ভূৰাগাও আৰক্ষীৰ জিম্মাত আছে ধৃতচোৰাং চিকাৰী কেইটা।
উল্লেখ্য যে, যোৱা কালিও সম জিলা আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত চলিছিল অবৈধ চৰাই চিকাৰীৰ বিৰুদ্ধে অভিযান। আৰু অভিযানত এজন অবৈধ চৰাই চিকাৰীক কৰায়ত্ত কৰাৰ লগতে ১৭ টা কৈ বিভিন্ন প্ৰজাতিৰ চৰাই জব্দ কৰি বন বিভাগক ছমজাই দিছিল।