ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তর্ভুক্ত হ’ল মিজোৰাম
ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ৰাজধানী ইম্ফল, নাগালেণ্ডৰ ৰাজধানী কহিমা আৰু মিজোৰামৰ ৰাজধানী আইজল চহৰক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা এক মেগা আঁচনি গ্ৰহণ কৰা হৈছিল। উত্তৰ-পূব সীমান্ত ৰেলৱেই ১ মে’ত মিজোৰামৰ আইজলৰ ছাইৰাঙলৈ প্ৰথমবাৰৰ বাবে ট্রায়েল ৰান সম্পূৰ্ণ কৰি এক গুৰুত্বপূৰ্ণ সফলতা অর্জন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনলৈ ৰেল সংযোগ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হোৱাৰ লগতে মিজোৰামক ৰাষ্ট্ৰীয় ৰেলৱে নেটৱৰ্কৰ সৈতে ৰাজধানী সংযোগসহ উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থখন ৰাজ্য হিচাপেও পৰিগণিত কৰিছে।
হৰটোকিৰ পৰা চাইৰাংলৈ নতুনকৈ নিৰ্মিত ব্ৰড গজ লাইনৰ সফল কমিচনিং আৰু ৰেলৱে সুৰক্ষা আয়ুক্তৰ অনুমোদনৰ জৰিয়তে মিজোৰামৰ আন্তঃগাঁথনিত এক ইতিহাসৰ সৃষ্টি হৈছে । ২০২৫ চনৰ ৬ জুনৰ পৰা ১০ জুনৰ ভিতৰত উত্তৰ-পূব সীমান্ত চক্ৰৰ ৰে’লৱে সুৰক্ষাৰ আয়ুক্ত সুমিত সিংঘালে হৰটোকিৰ পৰা চাইৰাংলৈকে প্ৰসাৰিত ৩৩.৮৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটি পুংখানুপুংখভাৱে পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত চি আৰ এছে মূল লাইনত ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত ঘণ্টাত ৯০ কিলোমিটাৰ বেগত সামগ্ৰী আৰু যাত্ৰীৰ বাবে হৰটোকিৰ পৰা চাইৰাঙলৈ ব্ৰড গজ লাইন মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে।
ইয়াৰ পূৰ্বে ইতিমধ্যে বৈৰাবীৰ পৰা হৰটোকিলৈ ছেকচন কমিচন কৰা হৈছিল। এই পৰিৱৰ্তনশীল সাফল্যই যাত্ৰী আৰু মালবাহী যাতায়ত যথেষ্ট বৃদ্ধি কৰিব, আৰ্থ-সামাজিক বৃদ্ধিৰ উদ্দীপনা যোগাব, আৰু মিজোৰামৰ জনসাধাৰণৰ বাবে ৰাজধানীৰ মাজমজিয়াত ৰে’ল সেৱাৰ দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ কৰিব বুলি আশা কৰা হৈছে। হৰটোকি–ছাইৰাং অংশটো পাহাৰীয়া ভূখণ্ডত অৱস্থিত । ইয়াত ৩২টা সুৰংগ আৰু ৩৫খন ডাঙৰ দলং অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ্য যে ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰাবী– চাইৰাং নিউ লাইন ৰেল প্ৰকল্প ভাৰতীয় ৰেলৱেৰ এক অভিযান্ত্ৰিক আশ্চৰ্য্য। ৪৮ টা সুৰংগ, ৫৫খন ডাঙৰ দলং আৰু ৮৭খন সৰু দলঙৰে গঠিত এই প্ৰকল্প। এই প্ৰকল্পটোত সুৰংগৰ মুঠ দৈৰ্ঘ্য ১২৮৫৩ মিটাৰ। ১৯৬ নম্বৰ দলংখনৰ উচ্চতা ১০৪ মিটাৰ যিটো কুতুব মিনাৰতকৈও ৪২ মিটাৰ ওখ। এই নতুন লাইন প্ৰজেক্টটো চাৰিটা ভাগত ভাগ কৰা হৈছে, অৰ্থাৎ বৈৰবি – হৰটোকি, হৰটোকি – কাউনপুই, কাউনপুই – মুৱালখাং আৰু মুৱালখাং – চাইৰাং।