অলিম্পিকত ক্ৰিকেট খেল চাবলৈ পোৱা সপোনতটি এতিয়া পুৰণ হ’ব ৷ কিয়নো ১২৮ বছৰৰ পিছত অলিম্পিক গেমচ ২০২৮ ত পুনৰ অন্তর্ভুক্ত কৰা হৈছে ক্ৰিকেট খেল। ১৯০০ চনত প্ৰথমবাৰৰ বাবে ক্ৰিকেটক পেৰিচ অলিম্পিকত অন্তর্ভূত্ত কৰা হৈছিল ৷ য’ত গ্রেট ব্ৰিটেইনে ফ্রান্সক পৰাস্ত কৰি সোণৰ পদক লাভ কৰিছিল ৷

২০২৮ ৰ অলিম্পিক গেমচ অনুষ্ঠিত হ’ব আমেৰিকাৰ লছ এঞ্জেলেছত ৷ এই ক্ৰিকেট খেল সৰু ফর্মেট অর্থ্যাৎ T20 ধৰণত অনুষ্ঠিত হ’ব ৷ য’ত এটা দলে ২০ অভাৰকে খেলিব পাৰিব ৷ উল্লেখ্য যে মার্কিন যুক্তৰাষ্ট্ৰই হোষ্ট দেশ হিচাপে অলিম্পিকত অংশ ল’ব ৷ কিন্তু আন দলসমূহক ICC ৰ T20 ৰ ৰেংকিং বা বিশ্বকাপৰ ফলাফল অনুসৰি বাচি উলিওৱা হ’ব ৷
ক্রিকেট অলিম্পিক গেমচত মুঠ ছয়টা দলে অংশ ল’ব পাৰিব ৷ পুৰুষ আৰু মহিলা দুয়োটা দলেই থাকিব আৰু প্ৰতিটো দলত থাকিব ১৫ জনকৈ খেলুৱৈ ৷ এই খেল অনুষ্ঠিত হ’ব লছ এঞ্জেলছৰ পৰা প্রায় ৫০ কি. মি. আঁতৰত থকা পোমোনাৰ fairgrounds stadium ত ৷ জানিবলৈ পোৱা মতে মহিলা ক্ৰিকেট ফাইনেল অনুষ্ঠিত হ’ব ২০ জুলাই ২০২৮ ত আৰু পুৰুষ ক্ৰিকেট ফাইলেন অনুষ্ঠিত হ’ব ২৯ জুলাই ২০২৮ত ৷ আন্তঃ ৰাষ্ট্ৰীয় অলিম্পিক কমিটি চমুকৈ IOC য়ে কৰা ঘোষণা অনুসৰি পুৰুষ আৰু মহিলাৰ T20 মেচ ২০২৮ ৰ ১২ জুলাইৰ পৰা ২৯ জুলাইলৈ অনুষ্ঠিত হ’ব ৷

উল্লেখণীয় যে এই সিদ্ধান্তৰ ফলস্বৰূপে সৰু সৰু দেশৰবোৰে অলিম্পিক গেমচত নিজৰ প্রতিভা দেখুৱাবলৈ এক সুযোগ পাব ৷ অলিম্পিকত সোণৰ পদক লাভ কৰাতো প্রতিজন খেলুৱৈৰ সপোন ৷ গতিকে নিশ্চয়কৈ এতিয়া এই সপোন ক্ৰিকেট খেলুৱৈ সকলেও পূৰণ কৰিব পাৰিব ৷