শৰীৰৰ ওজন বাঢ়িছে নেকি আপোনাৰ?

0

ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ হ’ব আপোনাৰ ওজন। এটা মাত্ৰ নেমুৱে হ্ৰাস কৰিব পাৰে আপোনাৰ ওজন। অগণন গুণৰ অধিকাৰী হৈছে এই নেমু। শৰীৰৰ বাবে নেমু হৈছে আটাইতকৈ উপকাৰী ফল। নেমুত ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চি- এই তিনিবিধ ভিটামিনযুক্ত খাদ্যগুণ সমূহ অটুট আছে। যাৰ ফলত বহুতো উপকাৰ সাধন হয় শৰীৰৰ।শৰীৰৰ ওজন নিয়মীয়াতকৈ অধিক বাঢ়িলে বা সেই ওজন নিয়মীয়া কৰিবলৈ হ’লে নেমুৰ ৰসৰ ব্যৱহাৰ অতি উপকাৰী।

তদুপৰি নেমুৰ আছে আন কেইবাটাও উপকাৰী গুণ। দাঁতৰ আলু উখহা, বিষ হোৱা আদি বেমাৰ নিৰাময়ৰ কাৰণেও নেমুৰস অধিক উপকাৰী বুলি জানিব পাৰি।দৈনন্দিন জীৱনত দেখা দিয়া প্ৰায় সংখ্যকৰে আন এক সমস্যা হৈছে চুলি সৰা। যি এক সকলোৰে বাবে চিন্তনীয় বিষয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰিলে বহু সুফল লাভ কৰা দেখা যায় লগতে চুলি নতুনকৈ গজোৱাটো যথেষ্ট পৰিমাণে সহায় কৰে এই নেমুৰ ৰসে। উল্লেখ্য যে, ছাল মিহি আৰু মসৃণ হৈ থাকিবৰ বাবেও নেমুৰস অধিক শ্রেয়। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাই অহাৰ লগতে সৌন্দৰ্য বৃদ্ধিতো যথেষ্ট পৰিমাণে সহায় কৰি আহিছে। ইয়াৰ উপৰিও, নেমুৱে মূৰৰ বিষ আৰু মূৰ ঘূৰণি কম কৰাটো যথেষ্ট পৰিমাণে সহায় কৰে।

Leave A Reply

Your email address will not be published.