”নেপাল চৰকাৰৰ নাটকীয় সিদ্ধান্ত: ফেচবুক-ইউটিউবসহ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ”
Anchor Intro / V/O :
নেপালত এক নাটকীয় সিদ্ধান্ত। কে.পি. শৰ্মা অলীৰ নেতৃত্বাধীন চৰকাৰে বৃহস্পতিবাৰে (৪ ছেপ্টেম্বৰ, ২০২৫) ফেচবুক, এক্স (পূৰ্বৰ টুইটাৰ), ইনষ্টাগ্ৰাম, ইউটিউবক ধৰি মুঠ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। চৰকাৰে কৈছে যে পঞ্জীয়নৰ নিৰ্ধাৰিত সময়সীমা শেষ হোৱাৰ পিছতো কোনো কোম্পানীয়ে নিজৰ প্লেটফৰ্ম পঞ্জীয়ন নকৰাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এক ৰাজহুৱা জাননী জাৰি কৰি জনাইছে যে নেপাল দূৰসংযোগ কৰ্তৃপক্ষক সকলো অপঞ্জীয়নভুক্ত ছ’চিয়েল মিডিয়া চাইট পঞ্জীয়ন নোহোৱালৈকে নিষ্ক্ৰিয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মন্ত্ৰালয়ৰ মুখপাত্ৰ গজেন্দ্ৰ ঠাকুৰে কৈছে, চৰকাৰে বহু সময় ধৰি পঞ্জীয়নৰ সময়সীমা দিয়া সত্ত্বেও কোনো কোম্পানীয়ে প্ৰক্ৰিয়াত অংশ নলোৱাৰ ফলতেই এই সিদ্ধান্ত ল’বলগীয়া হৈছে। চৰকাৰে আগতে ২৮ আগষ্টত সাত দিনীয়া সময়সীমা শেষ বুলিও ঘোষণা কৰিছিল, কিন্তু সেই সময়সীমা বুধবাৰে নিশা শেষ হোৱাৰ পিছতো কোনো প্লেটফৰ্মে প্ৰতিক্ৰিয়া জনোৱা নাছিল। মুক্ত বাক্যৰ সমৰ্থকসকলে এই সিদ্ধান্তক তীব্ৰ আপত্তি জনাই কৈছে যে ইয়াত নিয়ন্ত্ৰণতকৈ বেছি লক্ষ্য হৈছে বিৰোধী কণ্ঠক নীৰৱ কৰা। তেওঁলোকৰ মতে চৰকাৰৰ পঞ্জীয়নৰ চৰ্তসমূহত যি কঠোৰ তদাৰকী আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে, সেয়া বহু কোম্পানীৰ বাবে অতি অনুপ্ৰৱেশকাৰী আৰু অযৌক্তিক।
উল্লেখযোগ্য যে, ২০২৩ চনৰ নৱেম্বৰ মাহতেই নেপালত টিকটক ব্লক কৰা হৈছিল, যাৰ ফলত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। যদিও ২০২৪ চনৰ আগষ্ট মাহত টিকটকে পঞ্জীয়নৰ বাবে সন্মতি জনোৱাৰ পিছত সেই নিষেধাজ্ঞা আঁতৰোৱা হৈছিল। বিশেষজ্ঞসকলে সতর্ক কৰি কয় যে চৰকাৰে নিয়ন্ত্ৰণৰ আৱৰণত সকলো অনলাইন কার্যকলাপৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। সমালোচকসকলে দাবী কৰিছে যে ছ’চিয়েল মিডিয়া আধুনিক সময়ত কেৱল ৰাজনৈতিক মতামত প্ৰকাশৰ মাধ্যম নহয়, ই ব্যৱসায়, শিক্ষাৰ লগতে দৈনন্দিন যোগাযোগৰ গুৰুত্বপূৰ্ণ অংশ। এই সিদ্ধান্তই সাধাৰণ নাগৰিকৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব বুলি মত প্ৰকাশ কৰিছে।