“গেছৰ সমস্যা কমাবলৈ সহজতে কৰা ঘৰুৱা উপায়”

0

প্ৰতিদিনেই বহু লোকে গেছৰ সমস্যাত ভুগিব লাগে। যদিও ইয়াক সাধাৰণ যেন লাগে, ই দৈনন্দিন জীৱনশৈলীত একেবাৰে অসুবিধা জন্মায়। এই সমস্যা ভাগক কমাবলৈ খাদ্যাভ্যাস সলনি কৰাৰ লগতে, ৰুটিনৰ লগত জীবনৰ অভ্যাসতো উন্নত কৰা অত্যাবশ্যক। ইয়াৰ বাহিৰেও ঘৰত থকা কেইটামান সাধাৰণ উপায়েৰে গেছৰ পৰা বহুত সকাহ পাৱ পাৰে।

গেছৰ সমস্যা হ্ৰাস পাবলৈ কি কৰিব?

যদি বহুত বেছি গেছৰ সমস্যা হয়, তেন্তে প্ৰথমে প্ৰচুৰ পৰিমাণে পানী অন্তৰ্ভুক্ত কৰক।ইচ্ছা কৰিলে পানীৰ লগতে নাৰিকল পানী, নেমু–পানী, লাচ্চী আদি খাব পাৰি। এইবোৰে আপোনাৰ আন্ত্ৰিক স্বাস্থ্য ভাল কৰি ৰাখে আৰু গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা আপুনি সকাহ পাব।

শাক–পাচলি স্বস্থ‍্যৰ বাবে ভাল যদিও, কিছুমান শাক–পাচলি অতি গেছ উৎপাদনকাৰি বুলি জনা যায় । বিশেষকৈ বীন, দালি, ব্ৰকলি, ফুলকপি আদি। গেছৰ সমস্যা বেছি থাকিলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এইবোৰ সেৱন কৰা উচিত নহয়। এইবোৰে সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে।

কম কমকৈ আহাৰ গ্ৰহণ কৰিলে গেছ গঠন হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। এনে কৰিলে গোটেই দিনটো অতি লঘু আৰু সক্ৰিয় অনুভৱ কৰিব পাৰি। ইয়াৰ বাহিৰেও যেতিয়াই খাদ্য খাব তেতিয়াই ভালদৰে চোবাই খাব লাগে। লগতে অতি সোনকালে খাদ্য খোৱাৰ পৰা বিৰত থাকিব।

প্ৰতিদিনে অলপ হলেও ব্যায়াম কৰিলে পাচনতন্ত্ৰ সুস্থ হৈ থাকাৰ লগতে অন্ত্ৰৰ গতি ঠিক ৰাখে, যাৰ ফলত কোষ্ঠকাঠিন্য আৰু গেছ দুয়োটাই হ্ৰাস কৰাত সহায় কৰে ।

Leave A Reply

Your email address will not be published.