ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদে লাভ কৰিছে এক ব্যতিক্ৰমী সাফল্য। International Astronomical Search Collaboration-ৰ অধীনত চলোৱা গ্ৰহাণু অনুসন্ধান কাৰ্যসূচীত অংশ লৈ আৰিয়ানে আৱিষ্কাৰ কৰিছে দুটা নতুন গ্ৰহাণু। এই সাফল্যৰ বাবে আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASA-এ আৰিয়ানক বিৰল স্বীকৃতি প্ৰদান কৰিছে।
সদ্যহতে IASC য়ে গ্ৰহাণু দুটাৰ নামাকৰণ কৰিছে 2024 VE8 আৰু 2024 VC23 বুলি। বৰ্তমান আৰিয়ান জিছান আহমেদ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয়ৰ (USTM) বি-টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰ।
২০২৪ চনৰ ২৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱা IASC-ৰ আনুষ্ঠানিক গৱেষণা অভিযানৰ সময়ছোৱাত আৰিয়ানে NASAৰ সহযোগত হাৱাই বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ এষ্ট্ৰ’নমিয়ে পৰিচালিত Pan-STARRS (panoramic survey telescope and rapid response system) ৰ পৰা প্ৰাপ্ত পৰ্যবেক্ষণমূলক তথ্য বিশ্লেষণ কৰিছিল। এই তথ্য বিশ্লেষণৰ জৰিয়তেই পূৰ্বতে ৰেকৰ্ড নোহোৱা দুটা মেইন বেল্ট গ্ৰহাণু সফলতাৰে চিনাক্ত কৰিবলৈ সক্ষম হয় আৰিয়ানে।
মেইন বেল্ট গ্ৰহাণুসমূহ হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত সূৰ্য্যক প্ৰদক্ষিণ কৰা বৃহৎ শৈলখণ্ড। এই ধৰণৰ গৱেষণাই বিজ্ঞানীসকলক সৌৰজগতৰ আৰম্ভণি বিষয়ে বুজিবলৈ সহায় কৰাৰ লগতে ভৱিষ্যতে মহাকাশত থকা বস্তুসমূহৰ দীৰ্ঘম্যাদী অনুসৰণ সহজ কৰি তোলে।
আৰিয়ান জিছান আহমেদৰ এই সাফল্যই কেৱল ৰঙিয়াই নহয়, সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ বিজ্ঞানীসকলকো অনুপ্ৰাণিত কৰিছে।