ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক (IPPB) এ ৮ বছৰৰ কাৰ্যকালত ১২ কোটিৰো অধিক গ্ৰাহক অন্তৰ্ভুক্ত কৰি কোটি কোটি ডিজিটেল লেনদেন সম্পন্ন কৰিছে। দেশৰ ঘৰেঘৰে বেংকিং সেৱা আগবঢ়াই আহিছে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংকে। ২০১৮ চনত আৰম্ভ হোৱা পৰা, IPPB বিশ্বৰ আটাইতকৈ ডাঙৰ বিত্তীয় অন্তৰ্ভুক্তি পৰিকল্পনাসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে।
২০১৮ চনত যাত্ৰা আৰম্ভ কৰা ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংকে এতিয়া দেশৰ লক্ষাধিক লোকৰ বাবে এটা সহজলভ্য, সুলভ আৰু বিশ্বাসযোগ্য বেংকিং বিকল্প ৰূপে পৰিগণিত হৈছে। বিগত ৮ বছৰত বেংকটোৱে ১২ কোটিৰো অধিক গ্ৰাহকক অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আৰু কোটি কোটি টকা ডিজিটেল লেনদেন সম্পন্ন কৰিছে।
IPPB ৰ এই যাত্ৰাত, দেশৰ ১.৬৪ লাখ ডাকঘৰত আৰু প্ৰায় ১.৯০ লাখ ডাক বাহক আৰু গ্ৰাম্য ডাক সেৱকৰ বিস্তৃত নেটৱৰ্ক ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত গ্ৰামাঞ্চলৰ পৰা আৰম্ভ কৰি বহু চহৰৰ লোকে ও আৰ্থিক ভাৱে লাভ উঠাইচেই।
যোগাযোগ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, IPPB এ নিজৰ সেৱাৰে চমুকৈ DBT ৰ জৰিয়তে (ডাইৰেক্ট বেনেফিট ট্ৰান্সফাৰ) বিতৰণ, পেঞ্চন পৰিশোধ, অংশীদাৰিত্বৰ জৰিয়তে ঋণ সুবিধা, আৰু বিমা- বিনিয়োগ সামগ্ৰীৰ দৰে আধুনিক সেৱা গ্ৰাহকসকলৰ হাতত তুলি দিচে।
এই বেংটোয়ে DigiSmart, প্ৰিমিয়াম আৰোগ্য চেভিংছ একাউণ্ট, আধাৰ-ভিত্তিক মুখ চিনাক্তকৰণৰ দৰে আধুনিক সেৱা আৰু অন-ডিমান্ড ডিজিটেল বেংকিং সুবিধা গ্ৰাহকৰ বাবে সহজলভ্য কৰিছে। লগতে ৰু-পে ভাৰ্চুৱেল ডেবিট কাৰ্ড, AePS (আধাৰ-সক্ষম পেমেণ্ট সেৱা), আন্তঃদেশীয় ৰেমিটেন্স আৰু ভাৰত বিলপে সেবা একত্ৰিত কৰি IPPB এ মাটিৰ স্তৰত এক সম্পূৰ্ণ অৰ্থনৈতিক সেৱা প্ৰদানকাৰী হিচাপে নিজৰ স্থান দৃঢ় কৰিছে।