EDGBASTON ত শুভমন গীলৰ জয়জয়কাৰ

ভাৰতীয় টীমৰ উদীয়মান তাৰকা খেলুৱৈ শুভমন গীলে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত এক অভুতপূৰ্ব শতৰান অৰ্জন কৰি ভাৰতক এক দৃঢ় স্থিতিত উপনীত কৰিছে। এডজবাস্টনত অনুষ্ঠিত এই দ্বিতীয় টেষ্টখনত, ইংলেণ্ডৰ বিৰুদ্ধে শুভমনে ১৬১ ৰান কৰি ভাৰতীয় বেটিং লাইন আপত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

দ্বিতীয় ইনিংছত শুভমন গীলৰ শৃংখলাবদ্ধ আৰু ধৈৰ্য্যশীল বেটিঙে ভাৰতীয় দলটোক বিপদৰ পৰা ৰক্ষা কৰে। তেওঁ ১৬২ টা বল খেলি শতক অৰ্জন কৰিবলৈ সক্ষম হয়, য’ত ১৩টা ফ’ৰ আৰু ৮টা ছিক্স অন্তৰ্ভুক্ত হৈ আছিল।

শুভমন গীলৰ আকৰ্ষণীয় ১৬১ ৰাণৰ ইনিংছৰ সহায়ত দ্বিতীয় ইনিংছত ভাৰতে ৪২৭ ৰাণৰ বিশাল পাহাৰ গঢ়িবলৈ সক্ষম হয় আৰু ইংলেণ্ডৰ আগত ৬০৮ ৰাণৰ এক কঠিন লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

উল্লেখযোগ্য যে, চলিত মেচখনৰ প্ৰথম ইনিংছতো শুভমন গীলে দ্বি শতক অৰ্জন কৰি ইংলেণ্ডৰ সন্মুখত নিজৰ আধিপত্য বিস্তাৰ কৰি থৈছে । আনহাতে ইয়াৰ পূৰ্বেও প্ৰথমখন মেচৰ প্ৰথম ইনিংছতো শুভমন গীলে ১৪৭ ৰাণৰ এক দৰ্শনীয় ইনিংছ অনুৰাগীসকলক উপহাৰ দি থৈছে ।

assambest news portal in assamcricketdnortheastINDVSENGSHUBHMAN GILLsportsTEST MATCHtop news portal in north east
Comments (0)
Add Comment