ৰাজ্যত ভুৱা শৈক্ষিক অৰ্হতাৰ কেলেংকাৰী!

গণতন্ত্ৰৰ মূল ভেটিটোকে কঁপাই তোলা এক লজ্জাজনক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত। ভুৱা শিক্ষাগত অৰ্হতাৰ দৰে এক প্ৰতাৰণামূলক পথেৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ এগৰাকী মহিলাই কেৱল জয়ী হোৱাই নহয়, বৰঞ্চ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকে যেন উপহাস কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, জুৰীয়াৰ তিনিচুকীয়া গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্য ছালেমা খাতুনে ‘দিল্লী অপেন স্কুল’ৰ নামত এক ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু জয়লাভ কৰিছিল।

এই অভিযোগৰ ভিত্তিত নগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে এক তদন্ত চলাইছিল। তদন্তত ছালেমা খাতুনৰ দ্বাৰা দাখিল কৰা শৈক্ষিক প্ৰমাণপত্ৰখন সম্পূৰ্ণৰূপে ভুৱা বুলি প্ৰমাণিত হয়। এই ৰহস্য ফাদিল হোৱাৰ পিছতে, বিদ্যালয় পৰিদৰ্শকে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নগাঁও জিলাৰ আয়ুক্তলৈ এক লিখিত অভিযোগ প্ৰেৰণ কৰিছে।

ইয়াৰ সমান্তৰালভাৱে, অভিযুক্ত ৱাৰ্ড সদস্য ছালেমা খাতুনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত স্থানীয় একাংশই দাখিল কৰিছে এজাহাৰ । সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Comments (0)
Add Comment