ৰাছিয়াত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ

পুটিনক শক্তি প্ৰদৰ্শন ইউক্ৰেইনৰ। ৰাছিয়াত ইউক্ৰেইনৰ পুনৰ ভয়াৱহ ড্ৰোণ আক্ৰমণ। এই আক্ৰমণৰ জৰিয়তে ইউক্ৰেইনে ৰাছিয়াৰ চাৰিটা বিমানঘাটি আৰু ৪০খন যুদ্ধবিমানক লক্ষ্য কৰি লৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, ইউক্ৰেইনে এবছৰ ধৰি এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল। মালবাহী ট্ৰাকত লুকুৱাই ৰখা হৈছিল এই ড্ৰোণ কেইখন।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কীয়ে এক্সযোগে আক্ৰমণৰ সন্দৰ্ভত এটা সৰু ভিডিঅ’ শ্বেয়াৰ কৰে । ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ ৪০খনতকৈও অধিক সামৰিক বিমান ক্ষতি কৰা বুলি দাবী কৰিছে জেলেনস্কীয়ে। লগতে তেওঁ উল্লেখ কৰে যে এই আক্ৰমণত A-50 সতৰ্কবাণী বিলোৱা বিমান, Tu-95 কৌশলগত বোমাৰু বিমান, Tu-22M3 দীৰ্ঘ দূৰত্বৰ বোমাৰু বিমানকে ধৰি বহু কেইখন বিমানক লক্ষ্য কৰি লোৱা হৈছিল। আনুমানিক ২ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক ক্ষয়-ক্ষতি হোৱা বুলিও জানিবলৈ দিছে জেলেনস্কীয়ে।

assambest news portal in assamdnortheastDRONE ATTACKrussiatop news portal in north eastukraine
Comments (0)
Add Comment