ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ

নাট্যপ্ৰেমীৰ আৱেগ ৰবীন্দ্ৰ ভৱন । ৰবীন্দ্ৰ ভৱনৰ লগত জড়িত আছে সমগ্ৰ অসমৰ নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মীৰ আবেগ । গুৱাহাটীৰ বাহিৰৰ অন্য জিলা বা অঞ্চলৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এখন নাটক কৰিবলৈ অহাৰ আনন্দ-উৎসাহ উদ্দীপনাই সুকীয়া ৷ অসমৰ সাংস্কৃতিক ইতিহাসৰ এচোৱা সময় ই সামৰি ৰাখিছে। কেইবা দশকজুৰি ৰবীন্দ্ৰ ভৱনৰ মঞ্চখন শিল্প সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু বিকাশৰ ঐতিহ্যপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। এই মঞ্চতেই উত্তৰণ ঘটিছে অসমৰ ভালেসংখ্যক আগশাৰীৰ শিল্পীৰ । কিন্তু ২০২৩ চনৰ পৰাই ঐতিহ্যমণ্ডিত ৰবীন্দ্ৰ ভৱনত উলমি আছে তলা । মেৰামতিৰ নামত বিগত প্ৰায় তিনি বছৰ ধৰি ৰবীন্দ্ৰ ভৱন বন্ধ কৰি ৰাখিছে অসম চৰকাৰে ।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বিৰুদ্ধে এতিয়া ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণত নাট্যগোষ্ঠী আৰু সাংস্কৃতিক কৰ্মীসকল সমবেত হৈ হাতত লৈছে অভিনৱ প্ৰতিবাদ কাৰ্যসূচী । অসমৰ সাংস্কৃতিক কৰ্মী সকল আৰু সচেতন নাগৰিক সমাজে এক সন্মিলিত প্ৰয়াস চলাইছে ৰবীন্দ্ৰ ভৱন মুকলি কৰিবলৈ । অসমৰ একাংশ শিল্পী, কলা-কুশলীৰে সমৃদ্ধ সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ উদ্যোগত গঢ়ি তোলা হয় এই প্ৰতিবাদ । ঐক্যমঞ্চৰ নেতৃত্বত ৰাজ্যৰ নাট্যশিল্পী, অভিনেতা, শিল্পী, কলা-কুশলীৰ লগতে মহানগৰীৰ বহু সচেতন নাগৰিকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । প্ৰতিবাদী শিল্পীসকলে গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰি ছমাহৰ ভিতৰত ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনায়।

আনহাতে এই প্ৰতিবাদতেই কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে শিল্পীসকলে । ৯ মাহত উৰণীয়া সেঁতু নিৰ্মাণ কৰা চৰকাখনক ৰবীন্দ্ৰ ভৱন পুনৰ মেৰামতি কৰিবলৈ কিয় বছৰ বছৰ সময়ৰ প্ৰয়োজন বুলি কটাক্ষ প্ৰতিবাদী শিল্পী সমাজৰ ।

ইপিনে, শিল্পী সমাজৰ প্ৰতিবাদৰ পিছতেই গা লৰিল ৰাজ্য চৰকাৰৰ । সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বৰাই এক সংবাদ মেল সম্বোধন কৰি ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে বুলি মন্তব্য কৰে । তেওঁ কয় যে, ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ কাম নিয়াৰিকৈ কৰিবৰ বাবে চৰকাৰক কিছু সময়ৰ প্ৰয়োজন হৈছে। এই পৰিকল্পনা ৰূপায়ণৰ বাবে চৰকাৰ শেষ পৰ্যায়ত উপনীত হৈছে আৰু শীঘ্ৰেই ৰবীন্দ্ৰ ভৱনটো পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

assamASSAMESE ARTISTASSAMESE CULTUREbest news portal in assamdnortheastguwahatiRABINDRA BHAWANtop news portal in north east
Comments (0)
Add Comment