২৬তম কাৰ্গিল বিজয় দিৱস: দেশৰ বীৰ জোৱানক স্মৰণ

২৬ জুলাই দিনটো ভাৰতৰ বাবে এক গৌৰৱময় দিন। ১৯৯৯ চনৰ এই দিনটোত ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত বিজয় অর্জন কৰিছিল। সেই বিজয়কেই স্মৰণ কৰিবলৈ প্ৰতি বছৰে ২৬ জুলাইক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। আজি দেশজুৰি ২৬তম কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে।

কাৰ্গিল যুদ্ধ ১৯৯৯ চনৰ মে’ মাহত আৰম্ভ হয় । প্ৰায় দুই মাহ ধৰি চলা এই যুদ্ধত ২৬ জুলাই তাৰিখে ভাৰতীয় সেনাই সম্পূৰ্ণ সফলতা লাভ কৰিছিল। পাকিস্তানী সৈন্যই গুপ্তভাৱে কাৰ্গিলৰ উচ্চ অৱস্থিত এলেকাত প্ৰৱেশ কৰিছিল। কিন্তু ভাৰতীয় সেনাই অসীম সাহস, ত্যাগ আৰু কৌশলৰ জৰিয়তে সেই অঞ্চলসমূহ পুনৰুদ্ধাৰ কৰে।এই বিজয়ৰ বাবে বহু বীৰ জোৱানে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছিল। কেপ্টেইন বিক্ৰাম বাত্ৰা, লেফ্টেনেণ্ট অনুজ নায়াৰ, গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ আদি সাহসী জোৱানৰ বীৰত্ব আজিও দেশবাসীৰ মনত অমৰ হৈ আছে। এই কাৰ্গিল যুদ্ধতেই প্ৰাণ হেৰুৱাইছিল অসমৰ সাহসী বীৰ জোৱান জিণ্টু গগৈয়ে ।

আজিৰ দিনটোত দেশজুৰি কাৰ্গিল যুদ্ধৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলে কাৰ্গিল যুদ্ধ স্মাৰক (দ্ৰাস, জম্মু-কাশ্মীৰ)ত ফুলৰ মালা অৰ্ঘ্য দিয়ে।

কাৰ্গিল বিজয় দিৱস কেৱল এটা সামৰিক বিজয়ৰ দিন নহয়— ই দেশপ্ৰেম, সাহস আৰু একতা ৰক্ষাৰ প্রতীক। আজি সকলো ভাৰতীয়ই নিজৰ দেশৰ বীৰ জোৱানসকলক কৃতজ্ঞচিত্তে স্মৰণ কৰি জনায় সন্মান আৰু শ্ৰদ্ধাঞ্জলি।

assambest news portal in assamdnortheastindian armyKARGILKARGIL VIJAY DIWAStop news portal in north east
Comments (0)
Add Comment