আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত সোমবাৰে হোৱাইট হাউছত ইউৰোপৰ সাতজন নেতাক সাক্ষাৎ কৰে । ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ ইউক্ৰেইনৰ যুদ্ধৰ জৰুৰী অন্ত পেলোৱাৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ইউৰোপীয় নেতা কেইজনৰ সৈতে বৈঠকত মিলিত হয়। ট্ৰাম্প আৰু জেলেনস্কিৰ সৈতে হোৱাইট হাউছৰ বৈঠকত উপস্থিত থাকে জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব, ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন আৰু নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুট ।
VO- এই বৈঠকত ইউক্ৰেইনৰ বাবে নিৰাপত্তাৰ নিশ্চয়তাৰ বিষয়ে আলোচনা কৰা হয় । আমেৰিকাৰ সৈতে সমন্বয়ৰে বিভিন্ন ইউৰোপীয় দেশে এই নিশ্চয়তা প্ৰদান কৰিব। ৰাছিয়া আৰু ইউক্ৰেইনৰ বাবে শান্তিৰ সম্ভাৱনাক লৈ সকলোৱে অতি সুখী বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইফালে আমেৰিকাই ইমান শক্তিশালী সংকেত দিয়া আৰু নিৰাপত্তাৰ নিশ্চয়তাৰ বাবে সাজু হোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে উল্লেখ কৰে ।
বৈঠকৰ সামৰণিত ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক ফোন কৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ অৱসান ঘটাবলৈ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত এক নিৰ্দিষ্ট স্থানত এখন বৈঠকৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে। সেই বৈঠকৰ পিছতেই তিনি ৰাষ্ট্ৰ প্ৰধান ক্ৰমে ড’নাল্ড ট্ৰাম্প, ভ্লাডিমিৰ পুটিন, ভ্লাডিমিৰ জেলেনস্কি এক ত্ৰিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি সদৰি কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।
প্ৰায় চাৰি বছৰ ধৰি চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ খনৰ বাবে ইউৰোপৰ নেতৃত্বৰে হোৱা বৈঠক খনক অতি ভাল আৰু প্ৰাৰম্ভিক পদক্ষেপ বুলি অভিহিত কৰি ডনাল্ড ট্ৰাম্পে কয় যে, উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’ আৰু বিশেষ দূত ষ্টিভ উইটকফে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে সমন্বয় স্থাপন কৰি আছে।
আনহাতে, ড’নাল্ড ট্ৰাম্প আৰু পুটিনৰ সৈতে বৈঠকৰ ব্যৱস্থা হ’লে অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে।