হিমন্ত বিশ্বৰ মুখত আখৈ ফুটা দি ফুটিছে বেদখলকাৰীৰ হিচাপ

শদিয়াৰ বুঢ়া-বুঢ়ী শালৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । “বুঢ়া বুঢ়ী শাল”ৰ উন্নয়নৰ বাবে নিৰ্মিত প্ৰকল্পটো ৮.৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে । ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত ৰাজ্যত চলি থকা শেহতীয়া উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পৰ্যায়ক্ৰমে সকলোতে উচ্ছেদ অভিযান চলাই চৰকাৰী ভূমি অবৈধ বেদখলৰ পৰা মুক্ত কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে, উচ্ছেদ সন্দৰ্ভত অলপতে মুখ্যমন্ত্রীয়ে সংবাদমেলযোগে সদৰী কৰিছিল যে ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ১২ জুলাইলৈকে বিগত চাৰিবছৰত ৰাজ্যৰ মুঠ ১,১৯,৫৪৮ বিঘ‍া ভূমি বেদখলমুক্ত কৰা হৈছে । এই সময়চোৱাত ১৬০ বৰ্গ কিলোমিটাৰ ভূমি বেদখলমুক্ত কৰা হৈছে আৰু ৫০ হাজাৰ লোকক উচ্ছেদ কৰা হৈছে ।

আনহাতে মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি ৰাজ্যৰ বনাঞ্চলকে ধৰি বিভিন্ন শ্ৰেণীৰ ৬৩ লাখ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ কৱলত আছে । অৱশ্যে ইয়াৰ ভিতৰত থকা জনজাতীয় লোকসকলক ভূমিৰ পট্টা দিয়া হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে । বনাঞ্চলৰ ২৯ লাখ বিঘাৰো অধিক ভূমি বেদখল হৈ আছে । এই বৃহৎ পৰিমাণৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰক আৰু অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে।

assamAssam Governmentbest news portal in assamdnortheastENCROACHMENTEVICTIONhimanta biswa sarmatop news portal in north east
Comments (0)
Add Comment