সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে বিভিন্ন অনুষ্ঠান আয়োজিত হৈছে।

১৯২৬ চনৰ আজিৰ দিনটোতে অসমভূমিতে জন্ম লৈছিল এইগৰাকী মহান ব্যক্তিয়ে। জ্যোতি-বিষ্ণুৰ পাছতে সুধাকণ্ঠই অসমীয়াক দি গৈছে সংস্কৃতিৰ মেটমৰা সম্ভাৰ। লুইতৰ পৰা মিছিছিপিলৈ সমন্বয়ৰ সেতু নিৰ্মাণ কৰা শিল্পীগৰাকীক জন্মদিনত চাৰিওফালে স্মৰণ কৰিছে বিশ্বাবাসীয়ে। সুধাকন্ঠৰ ১০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত আয়োজিত বিশেষ অনুষ্ঠান।

দেৰগাঁৱতো একেলগে হাজাৰ জনতাই “মানুহে মানুহৰ বাবে” গীত গাই সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায়। দেৰগাঁও উপ-জিলা প্রশাসন আৰু বিভিন্ন সংগঠনে মিলি আয়োজন কৰে এই অনুষ্ঠান।

নলবাৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়। বি এম গ্লোবেল একাডেমীও বিশেষ কাৰ্যসূচী আয়োজন কৰে।

নাজিৰাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত দিগন্ত শইকীয়া সহ সকলো কৰ্মচাৰীয়ে পুষ্পাঞ্জলি নিবেদন কৰি শিল্পীগৰাকীক স্মৰণ কৰে। গীতেৰে পৰিৱেশ মধুমই হয় পৰে।

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত হাজৰিকাৰ কালজয়ী গীতেৰে সভা আৰম্ভ হয়। অধ্যক্ষ ড° মৃগাংক শইকীয়াই আদৰণি ভাষণ দিয়ে আৰু শিল্পী অনুপ বৰুৱা, ঋতুৰাণী মৌচুমীয়ে সুধাকণ্ঠৰ জীৱন আৰু সংগীতৰ আলোচনা কৰে।

গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰদীপ টিমুং আৰু ৰঞ্জিত কোঁৱৰসহ প্রশাসনিক কৰ্মচাৰীয়ে সুধাকণ্ঠক স্মৰণ কৰে। লগতে গোৱালপাৰা মহাবিদ্যালয়ৰ উদ্যোগত “সুৰ -বাহিনী” উদ্বোধন কৰা হয়। কৰা হয়।

assamBHUPENHAZARIKACultureDnewsdnortheast
Comments (0)
Add Comment