সাম্প্ৰতিক ইৰান-ইজৰাইল সংঘাত: মধ্য-প্ৰাচ্য পুনৰ উত্তপ্ত পৰিস্থিতি

১৩ জুন, ২০২৫ তাৰিখে ইজৰাইলে ইৰানৰ ওপৰত এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰে, যাক “অপাৰেচন ৰাইজিং লায়ন” নামেৰে অভিহিত কৰা হৈছে। এই অভিযানৰ মূল লক্ষ্য আছিল ইৰানৰ পৰমাণু সংস্থাপন, মিছাইল প্ৰস্তুতকাৰী কেন্দ্ৰ আৰু শীৰ্ষ সেনা নেতৃত্ব। ইজৰাইলে প্রায় ২০০ খন যুদ্ধবিমান ব্যৱহাৰ কৰি বিভিন্ন স্থান লক্ষ্য কৰি বোমাবর্ষণ কৰে।

এই আক্ৰমণত ইৰানৰ কিছু গুৰুত্বপূর্ণ সেনা বিষয়া নিহত হয় বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ভিতৰত আছিল ৰিভলিউশ্যনাৰী গাৰ্ডৰ প্ৰধান জেনেৰেল হোসেইন ছালামি, সেনাপতি জেনেৰেল মোহাম্মদ বাঘেৰী আৰু মিছাইল প্ৰোগ্ৰামৰ মুখ্য বিষয়া জেনেৰেল আমিৰ আলি হাজিজাদে।

ইজৰাইলৰ এই আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে ইৰানে শতাধিক ড্ৰোন উৎক্ষেপণ কৰে, যদিও ইয়াৰ অধিকাংশকে ইজৰাইলৰ বিমান প্রতিৰক্ষা ব্যৱস্থাই সফলতাৰে ৰোধ কৰে। ইৰানৰ নেতা আয়াতুল্লাহ খামেনেই “ভয়ংকৰ প্ৰতিশোধ”ৰ হুংকাৰ প্ৰদান কৰে।

এই সংঘাতৰ পাছত সম্পূৰ্ণ মধ্য-প্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে । আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলক সমৰ্থন জনাইছে, লগতে ইৰানক কোনো ধৰণৰ প্ৰতিশোধৰ ক্ষেত্ৰত “গম্ভীৰ পৰিণাম”ৰ সতৰ্কবাণী দিছে।

assambest news portal in assamCONFLICTdnortheastIranIsraeltop news portal in north east
Comments (0)
Add Comment