ভাৰতীয় ক্ৰিকেটৰ আইকন শচীন তেণ্ডুলকাৰ আৰু ইংলেণ্ডৰ কিংবদন্তি বলাৰ জেমছ এণ্ডাৰচনৰ নামেৰে চলিত বৰ্ষৰ ২০জুন তাৰিখৰ পৰা পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী ।
ভাৰত ইংলেণ্ডৰ মাজত অনুষ্ঠিত এই শৃংখলাৰ প্ৰথমখন মেচত টছত জিকিৰ ইংলেণ্ডে বলিউডৰ সিদ্ধান্ত লয় । প্ৰথম ইনিংছত ভাৰতে ৪৭১ ৰাণ সংগ্ৰহ কৰে । এই ইনিংছত যশস্বী জয়ছোৱালে ১৫৯টা বলত ১০১ ৰাণ, শুভমন গীলে ২২৭ টা বলত ১৪৭ ৰাণ আৰু ঋষভ পণ্টে ১৭৮ বলত ১৩৪ ৰামৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰে । প্ৰত্যুত্তৰত ইংলেণ্ডে প্ৰথম ইনিংছত ৪৬৫ ৰাণ কৰে আৰু এই ইনিংছত ইংলেণ্ডৰ হৈ অ’লি প’পে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । খেলুৱৈ গৰাকীয়ে ১৪টা ফ’ৰৰ সহায়ত ১৩৭ বলত ১০৬ ৰাণ সংগ্ৰহ কৰে । আনহাতে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত ৫টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ।
আনহাতে প্ৰথম ইনিংছৰ সমান্তৰালকৈ দ্বিতীয় ইনিংছতো ক্ৰমাগত দ্বিতীয়টো শতক অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় উইকেট কিপাৰ বেটছমেন ঋষভ পণ্ট । ১৫টা ফ’ৰ আৰু ৩টা ছিক্সৰ সহায়ত ১৪০ বলত ১১৮ ৰাণৰৃ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ক্ৰিকেটাৰ গৰাকী । অৱশ্যে দ্বিতীয় ইনিংছত অধিনায়ক শুভমন গীল বিফল হ’লেও কৰে এল ৰাহুলে দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি দলটোক আগবাঢ়ি যোৱাত সহায় কৰে । অৱশ্যে দ্বিতীয় ইনিংছত কে এল ৰাহুল আৰু ঋষভ পণ্টৰ বাহিৰে আশাপ্ৰদ প্ৰদৰ্শন কৰিব নোৱাৰিলে আন কোনো ভাৰতীয় খেলুৱৈয়ে । প্ৰথম ইনিংছত শতক অৰ্জন কৰা যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গীলে দ্বিতীয় ইনিংছত অতি শোচনীয় প্ৰদৰ্শন আগবঢ়ায় । উল্লেখযোগ্য যে, দ্বিতীয় ইনিংছত জয়ৰ বাবে ইংলেণ্ডক ৩৭১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে টীম ইণ্ডিয়াই ।