আজি দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত ১ম, ২য় আৰু ৩য় নং ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ অন্তৰ্গত ৭০০ গোৱা আৰক্ষীৰ নিযুক্তি কনিষ্টবলৰ দীক্ষান্ত সমাৰোহৰ পেৰেডত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত । ৫৬৯ গৰাকী পুৰুষৰ বিপৰীতে ১৩১ গৰাকী মহিলা জোৱানৰ ১০ মাহ প্ৰশিক্ষণৰ অন্তত আজি দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হয়। প্ৰশিক্ষণ সমাপ্ত হোৱা জোৱান সকলে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক অভিবাদন জনাবলৈ পেৰেড আৰু বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তক আদৰণি জনায় আৰু আন্তঃৰাজ্যিক সহযোগিতা আৰু পাৰস্পৰিক বৃদ্ধিৰ দিশত এক পদক্ষেপ হিচাপে এই প্ৰশিক্ষণৰ বাবে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীক বাছনি কৰাৰ বাবে তেওঁক আৰু গোৱা চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকন পুলিচ একাডেমীক দেশৰ আটাইতকৈ উৎকৃষ্ট আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ অন্যতম হিচাপে অভিহিত কৰি প্ৰাৰ্থীসকলক সততা আৰু নিষ্ঠাসহকাৰে দেশৰ সেৱা কৰি যাবলৈ উৎসাহিত কৰে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসাধাৰণ নিষ্ঠা আৰু উৎকৃষ্টতাক প্ৰতিফলিত কৰি পদক আৰু ট্ৰফী বিজয়ী তথা নিযুক্তিপ্ৰাপ্তসকলক অভিনন্দন জনায় । লগতে তেওঁলোকৰ মৌলিক প্ৰশিক্ষণৰ আয়োজন কৰাটো অসমৰ বাবে অতি গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে ।
ইফালে লাচিত বৰফুকন পুলিচ একাডেমীত কঠোৰ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰাৰ বাবে ভাৰত ৰিজাৰ্ভ বেটেলিয়ন, গোৱা আৰক্ষীৰ ৭০০ গৰাকী নিযুক্তিপ্ৰাপ্তক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে। অসমৰ অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধাসমূহ সম্প্ৰসাৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে গোৱাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে এই সহযোগিতাই জাতীয় ঐক্যৰ প্ৰকৃত মনোভাৱ প্ৰতিফলিত কৰি এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰে বুলি উল্লেখ কৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে।