মুন্নাভাই MBBS ওৰফে অশোক কুমাৰ গগৈ । চেম্বাৰ খুলি ১৫ বছৰে চিকিৎসা আগবঢ়াই আহিছিল মুন্নাভাইয়ে l
যোৱা ১৫ টা বছৰে যোৰহাটবাসীক চিকিৎসা আগবঢ়াই আহিছিল অশোক কুমাৰ গগৈ নামৰ এইজন ভুৱা চিকিৎসকে । যোৰহাট নগৰৰ মাজ মজিয়াৰ পুৰণা আবৰ্ত ভৱন পথত চেম্বাৰ খুলি চিকিৎসা আগবঢ়াই আহিছিল অশোক কুমাৰয়ে। নিজকে মেডিচিন বিশেষজ্ঞ বুলি বিগত ১৫ বছৰে চিকিৎসা কৰি আহিছিল ৰোগীৰ।
পূৰ্বে এই স্থানতে এখন হোমিঅ’ চেম্বাৰ চলাইছিল আৰু পাছত মেডিচিন বিশেষজ্ঞ হিচাপে চিকিৎসা কৰি আহিছিল। শেহতীয়াকৈ কেইজন মান মেডিকেল ৰিপ্ৰেজেনতিভৰ সন্দেহ হোৱাত বিষয়টো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দৃষ্টি গোচৰ কৰিলে। ইতিমধ্যে চেম্বাৰটো বন্ধ কৰি ভুৱা চিকিৎসক জনলৈ জাননী প্ৰেৰণ কৰিছে । এটা সপ্তাহৰ ভিতৰত নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে বিভাগে আইন গত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।