সংখ্যালঘু মুছলমান অঞ্চলত গো-মাংসৰ বেপাৰ কৰা সকলৰ ওপৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এই সন্দৰ্ভত বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰিছে । সাপ্তাহিক বজাৰ সমূহত গৰু বেচা-কিনা বন্ধৰ দাবী জনায় জিলা আয়ুক্তক কঠোৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনাইছে সংগঠন টোৱে। বিশ্বনাথত গৰুৰ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিলে সংখ্যালঘু অঞ্চলত গো-হত্যা বন্ধ হ’ব, লগতে চৰকাৰৰ গো-সুৰক্ষা আইনে বাস্তৱ ৰূপ পাব বুলি উল্লেখ কৰিছে সংগঠনটোৰ সদস্যসকলে। গৰু বেপাৰৰ লগত জড়িত মুছলমান লোকসকলক গৰু বেপাৰ বৰ্জন কৰাৰো আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে।
প্ৰতিটো সংখ্যালঘু অঞ্চলত মছজিদ কমিটিক সজাগতা সভা অনুস্থিত কৰি গৰু বেপাৰ আৰু গো-হত্যা তথা গো-মাংস খোৱা বন্ধ কৰিবলৈ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে সংগঠন টোৱে। এই ক্ষেত্ৰত কোনো সংখ্যালঘু মুছলমান লোকে বিৰোধিতা কৰিলে তেওঁলোকৰ ওপৰত কঠোৰ সামাজিক ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে।