মাতৃহাৰা সমুজ্জ্বল ভট্টাচাৰ্যৰ কাষত মুখ্যমন্ত্ৰী

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ তেওঁ কিছু দিন পূৰ্বে পৰলোকলৈ গমন কৰা তেখেতৰ পৰম পূজনীয়া মাতৃ বীণা ভট্টাচাৰ্যক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।লগতে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে কিছু সময় অতিবাহিত কৰে।

স্মৃতি ৰোমন্থন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বীণা ভট্টাচাৰ্যৰ এক অনুপ্ৰেৰণাদায়ী ব্যক্তিত্ব আছিল, যি অসমৰ সামাজিক-সাংস্কৃতিক পৰিসৰৰ এক দীঘল সময়ৰ সাক্ষী। আজিও মনত পৰে কৈশোৰৰ দিনৰ কথা — দক্ষিণ শৰণীয়াৰ তেখেতৰ ঘৰলৈ যোৱা, তেখেতে নিজে তৈয়াৰ কৰা পিঠা, চাহ আদিৰ আত্মীয়তা আৰু মৰমেৰে ভৰা আতিথ্যৰ কথা।

ভগৱানৰ ওচৰত প্রাৰ্থনা জনালোঁ— তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু পৰিয়ালটোক মানসিক শক্তি আৰু ধৈৰ্য প্ৰদান কৰক।

assambest news portal in assamdnortheasthimanta biswa sarmaSAMUJJWAL BHATTACHARJYAtop news portal in north east
Comments (0)
Add Comment