ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু বিভিন্ন সাংস্কৃতিক সংগঠনে একাধিক কাৰ্যসূচী আয়োজন কৰিছে। গুৱাহাটী, ঢেকীয়াল, তেজপুৰ, ডিব্ৰুগড় আদি ঠাইত বিশেষ সংগীত সন্ধ্যা, আলোচনা চ’ৰা, প্ৰদৰ্শনী আৰু শিশু-কিশোৰ সমাৰোহৰ আয়োজন কৰা হৈছে।

বিশ্ববিখ্যাত সংগীত শিল্পী ভূপেন হাজৰিকাৰ সংগীত, বাণী আৰু জীৱনদৰ্শন নতুন প্ৰজন্মলৈ প্ৰেৰণাৰ উৎস হিচাপে পুনৰ উজ্জ্বল কৰি তোলা হৈছে। অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত বিশেষ পাঠদান, প্ৰতিযোগিতা আৰু লঘু নাটকৰো আয়োজন কৰা হৈছে। অসম চৰকাৰে ঘোষণা কৰা অনুসৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলিত বৰ্ষৰ ৮ছেপ্তেম্বৰৰ পৰা পৰৱৰ্তী বৰ্ষৰ ৮ছেপ্তেম্বৰ তাৰিখলৈকে বছৰজুৰি উদযাপন কৰা হ’ব । এই উদযাপনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ইতিমধ্যে শতবৰ্ষ উদযাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠৰ সান্নিধ্য লাভ কৰা কেইবাগৰাকী ব্যক্তিক লৈ এখনি কেন্দ্ৰীয় পৰিচালনা সমিতি গঠন কৰিছে ।

এই শতবৰ্ষ উদযাপন হ’ল এক গৌৰৱৰ বিষয় — এক সংস্কৃতিক পুনৰ জাগৰণ, য’ত অসমীয়া সমাজে নিজৰ এটি গৰ্বিত অতীত আৰু গৌৰৱৰ পৰিচয় উজাগৰ কৰিব।

assambest news portal in assambhupen hazarikaBirthdayCulturednortheasttop news portal in north east
Comments (0)
Add Comment