ভাৰতৰ অৰ্থনীতিক ‘মৃত অৰ্থনীতি’ আখ্যা ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এক পোষ্টযোগে ভাৰতৰ উচ্চ শুল্ক আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কক লৈ তীব্ৰ সমালোচনা কৰে। ৰাছিয়াৰ পৰা ভাৰতৰ তেল আৰু অস্ত্ৰ ক্ৰয় অব্যাহত থকাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় আমদানিৰ ওপৰত ২৫% শুল্ক ঘোষণা কৰিছে। লগতে তেওঁ ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতিক মৃত অৰ্থনীতি বুলি উল্লেখ কৰি কয় যে দুযোখন ৰাষ্ট্ৰই একেলগে নিজৰ মৃত অৰ্থনীতি তললৈ নমাই আনিব পাৰে।

ইফালে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মন্তব্যক সমৰ্থন জনায় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । ভাৰতৰ অৰ্থনীতিক মৃত বুলি অভিহিত কৰি তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এটা সত্য কথা উল্লেখ কৰাত মই আনন্দিত হৈছো৷ লগতে বিজেপিয়ে আদানীৰ লাভৰ বাবে অৰ্থনীতিৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।

আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিক “মৃত” বুলি কৰা বিতৰ্কিত মন্তব্যৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সমৰ্থন জনোৱাৰ পিছতেই ৰাজনৈতিক বিবাদৰ সৃষ্টি কৰিছে। কেৱল শাসকীয় দল বিজেপিয়েই নহয়, ৰাহুল গান্ধীৰ এই বক্তব্যৰ কংগ্ৰেছৰ সদস্য আৰু আন বিৰোধী দলসমূহেও বিৰোধিতা কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ ৰাজীৱ শুক্লাই ট্ৰাম্পৰ মন্তব্যক সম্পূৰ্ণৰূপে খাৰিজ কৰে। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ ভেটি স্থাপনৰ বাবে নৰসিংহ ৰাও আৰু মনমোহন সিঙৰ পৰা আৰম্ভ কৰি অটল বিহাৰী বাজপেয়ীলৈকে কৃতিত্ব দি শুক্লাই কয় যে, ‘ট্ৰাম্পে ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতি মৃত বুলি কোৱাটো ভুল ।ভাৰতীয় অৰ্থনীতি মৃত নহয়।

ইফালে ড’নাল্ড ট্ৰাম্পৰ মন্তব্যৰ বিৰোধিতা কৰি ট্ৰাম্পক মানসিকভাৱে ভাৰসাম্যহীন বুলি অভিহিত কৰে প্ৰসিদ্ধ ৰাজনৈতিক বিশ্লেষক তথা ব্য ৱসায়ী সুহেল শেঠে । লগতে কয় যে ট্ৰাম্পৰ অৰ্থনীতি বা ৰাজনৈতিক বক্তৃতাৰ কোনো বুজাবুজি নাই । তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ বাবেই বেছিভাগ আমেৰিকান লোকেই ক্ষতিগ্ৰস্ত হৈছে। তেওঁ মূলতঃ এজন গুণ্ডা । আৰু গুণ্ডা সদায় কাপুৰুষ। কোনো দ্বিপাক্ষিক সম্পৰ্ক বা বিশ্বব্যাপী ব্যৱস্থাৰ প্ৰতি তেওঁৰ আগ্ৰহ নাই । ইয়াৰোপৰিও ট্ৰাম্পৰ নীতিয়ে ভাৰতক ধ্বংস কৰিব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে ।

সমান্তৰালকৈ অসম সন্তান তথা আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰিপাব্লিক টিভিৰ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে ৰাহুল গান্ধীক ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায় । তেওঁ কয় যে, মোদী চৰকাৰৰ প্ৰতি থকা ঘৃণাৰ বাবে দেশখনক তললৈ নমাবলৈ ৰাহুল গান্ধীয়ে যিকোনো মানুহৰ সৈতে হাত মিলাব ।

আনহাতে ৰাহুল গান্ধীৰ ‘মৃত অৰ্থনীতিৰ দাবী’ নাকচ কৰে শশী থাৰুৰে। ভাৰতে আমেৰিকাৰ পৰা অহা অযুক্তিকৰ দাবীক প্ৰতিহত কৰিব লাগে বুলি মন্তব্য কৰি কংগ্ৰেছ সাংসদ শশী থাৰুৰে কয় যে আমি চীনৰ দৰে সম্পূৰ্ণ ৰপ্তানি নিৰ্ভৰশীল অৰ্থনীতি নহয়।আমাৰ এখন ভাল আৰু শক্তিশালী ঘৰুৱা বজাৰ আছে । আমাৰ আলোচনাপন্থীসকলক আমি সৰ্বোত্তম চুক্তি বিচাৰিবলৈ শক্তিশালী সমৰ্থন দিব লাগিব।

assambest news portal in assamdnortheastdonald trumpINDIAN POLITICSRAHUL GANDHITARIFFtop news portal in north east
Comments (0)
Add Comment