ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম

প্রাণচঞ্চলা হৈ উঠিছে এতিয়া নীলাচলৰ বক্ষ।ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম।শতাব্দী পুৰণি পৰম্পৰাৰ সাক্ষী হ’বলৈ নীলাচললৈ আহিছে দেশী-বিদেশী সাধু-সন্ত। আজিৰে পৰা মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।আজি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি।তাৰ পিছতেই বন্ধ হব মা কামাখ‍্যাৰ মূল দোৱাৰ।২৬ জুনৰ সূর্যোদয়ৰ লগে লগে খোলা হ’ব মা কামাখ্যাৰ মূল দুৱাৰ ।এতিয়া জনসমুদ্ৰলৈ পৰিণত মা কামাখ্যা ধাম। শক্তি-সাধনাৰ বাবে নীলাচলত উপস্থিত হৈছে দেশ-বিদেশৰ সাধু-সন্ন্যাসী।একেদৰে সাজু হৈছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে কামৰূপ মহানগৰ জিলা প্রশাসনো। প্রায় ১০ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে এতিয়া সকলো।

আজিৰেই পৰা২৬ জুনলৈ অনুস্থিত হব অম্বুবাচী মহাযোগ। অম্বুবাচী মেলাৰ সময়খিনিত যোনীপীঠ হিচাপে পৰিচিত কামাখ্যা মন্দিৰৰ এই চৌহদৰ শক্তি আৰু বিশ্বাসৰ অপূৰ্ব সংযোগ ঘটে।
জনবিশ্বাসৰ মতে, মা কামাখ্যা ৰজঃস্বলা হয় এই সময়খিনিত। সেয়েহে অম্বুবাচী আৰম্ভ হোৱাৰ লগে লগে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় আৰু অম্বুবাচী শেষ হোৱাৰ পাছত নতুনকৈ ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়।

Comments (0)
Add Comment