বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰীৰ প্ৰতিনিধি দলৰ অংশ হিচাপে মঙলবাৰে বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ মাজত মত আৰু দৃষ্টিভংগীৰ মুকলি আদান-প্ৰদান অতি গুৰুত্বপূৰ্ণ। এই ভ্ৰমণৰ সময়ত ভাৰত-চীন দ্বিপাক্ষিক পৰিঘটনা সম্বন্ধীয় আলোচনাৰ বাবে নিজকে আগ্ৰহী বুলি উল্লেখ কৰে এছ জয়শংকৰে । উল্লেখযোগ্য যে, ২০২৪ চনৰ অক্টোবৰ মাহত কাজানত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত হোৱা বৈঠকৰ পিছত যোৱা বছৰৰ অক্টোবৰ মাহত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হ’বলৈ আৰম্ভ কৰিছিল।

উল্লেখযোগ্য যে, বেইজিঙত চাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে এছ জয়শংকৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা জনোৱাৰ লগতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া বিকাশৰ বিষয়ে ৰাষ্ট্ৰপতি ঝিক অৱগত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি জয়শংকৰে দ্বিপাক্ষিক আলোচনাৰ বাবে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীকো সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত-চীনৰ সম্পৰ্কৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি সম্পৰ্ক সুস্থিৰ আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত শেহতীয়া অগ্ৰগতি স্বীকাৰ কৰে। দুয়োপক্ষই জনকেন্দ্ৰিক সংযোগৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সহযোগিতা বৃদ্ধিৰ বাবে সন্মত হয়।

দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে সোমবাৰে দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে।

উল্লেখযোগ্য যে, ২০২০ চনৰ জুন মাহত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত জয়শংকৰৰ এইটোৱেই প্ৰথম চীন ভ্ৰমণ।

assambest news portal in assamChinadnortheastIndias jaishankartop news portal in north east
Comments (0)
Add Comment