ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে শান্তি চুক্তিৰ বৈঠকৰ প্ৰস্তাৱ আগবঢ়াইছিল।য’ত মস্কোক দুয়ো পক্ষৰ আলোচনাৰ বাবে আটাইতকৈ উপযুক্ত স্থান বুলি ঘোষণা কৰিছিল যদিও জেলেনস্কিয়ে এই পৰামৰ্শ নাকচ কৰিছে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভ্লাডিভষ্টকত অনুষ্ঠিত ইষ্টাৰ্ণ ইকনমিক ফ’ৰামৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি কৈছিল যে, “যদি ইউক্ৰেইনে সঁচাকৈয়ে আমাৰ সৈতে শান্তি আলোচনাৰ বাবে বৈঠক কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আটাইতকৈ উপযুক্ত স্থান হ’ল ৰাছিয়াৰ ৰাজধানী চহৰ মস্কো।”লগতে পুটিনে উল্লেখ কৰিছিল, তেওঁ সদায় আলোচনাৰ বাবে সাজু আৰু লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিকো আমন্ত্ৰণ জনাবলৈ সাজু। এই প্ৰস্তাৱ আগবঢ়াই তেওঁ জনাইছিল যে, আলোচনাই সদায় পৰিস্থিতি সলনি কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে শান্তিৰ আশা কৰিব পাৰি।
অন্যহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে পেৰিছত অনুষ্ঠিত যৌথ সংবাদমেলত স্পষ্টকৈ কয় যে, স্থান বাছনি কৰাটোৱে আলোচনাৰ প্ৰতি ৰাছিয়াৰ গুৰুত্বৰ অভাৱক দেখুৱাইছে। স্থানক লৈ হোৱা বিতৰ্কই শান্তি আলোচনাৰ গভীৰ পাৰ্থক্যৰ ওপৰত আলোকপাত কৰে, পুটিনে কৈছিল যে প্ৰত্যক্ষ সম্পৰ্ক কেৱল আলোচনাৰ “চূড়ান্ত পৰ্যায়ত” হ’ব পাৰে, আনহাতে জেলেনস্কিয়ে আগতীয়াকৈ মুখামুখি আলোচনাৰ পোষকতা কৰে।
ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী এণ্ড্ৰি ছিবিহায় জনায়, ইতিমধ্যে কেইবাখনো দেশ সম্ভাৱ্য বৈঠকৰ আয়োজন কৰিবলৈ আগবঢ়িছে। তথাপিও জেলেনস্কিয়ে স্বীকাৰ কৰিছে, পুটিনৰ দ্বাৰা বৈঠকৰ কথা উল্লেখ কৰাটো এটা নতুন পৰিৱৰ্তনৰ চিন। তেওঁ কয়, মস্কোৱে এই সম্ভাৱনাৰ বিষয়ে আলোচনা আৰম্ভ কৰাটো নিশ্চয় বেয়া নহয়।
তথ্য অংশীদাৰ হিচাপে কংগ্ৰেছ ফাউণ্ডেশ্যনে আয়োজন কৰা দ্য ফাৰ ইষ্ট: ক’অপাৰেচন ফৰ পিচ এণ্ড প্ৰস্পেৰিটি শীৰ্ষক বিষয়বস্তুৰ অধীনত ৩ৰ পৰা ৬ ছেপ্টেম্বৰলৈকে ভ্লাডিভষ্টকত অনুষ্ঠিত হৈছে দশম ইষ্টাৰ্ণ ইকনমিক ফ’ৰাম, য’ত পুটিনে এই প্ৰস্তাৱ আগবঢ়াইছে।