শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত কৰা হয় নিযুক্তি পত্র প্রদান অনুষ্ঠান ৷ মুখ্যমন্ত্রীৰ উপস্থিতিত প্ৰদান কৰা হয় এই নিযুক্তি পত্র সমূহ ৷
পলিটেকনিক, ইঞ্জিনিয়াৰিং ত নিযুক্তি দিয়া হয় ফেকাল্টিক ৷ আজি এই অনুষ্ঠানত মুঠ ৩৪২ গৰাকীক প্রদান কৰা হয় নিযুক্তি পত্ৰ ৷ হিমন্ত বিশ্ব শর্মা চৰকাৰে মুঠ ১ লাখ ২১ হাজাৰ ১৮২ চৰকাৰী চাকৰি নিযুক্তি সম্পন্ন কৰে ৷
মুখ্যমন্ত্রী গৰাকীয়ে জনায় যে অক্টোবৰত জাপানৰ পৰা আহি ইয়াত ইনষ্টিটিউট হ’ব ৷ গতিকে হাই টেক চিটি জাপান কোৰিয়াত কৰ্মসংস্থাপন পাবৰ বাবে ইঞ্জিনিয়াৰিং পাছ কৰা সকলে অলপ কৈ হ’লেও জাপানিছ আৰু কোৰিয়ান ভাষা শিকি ল’ব পাৰিলেই হ’ল বুলি জনায় মুখ্যমন্ত্রীয়ে ৷