প্ৰকৃতিৰ বুকুলৈ পুনৰ উভতি আহিছে ঋতুৰাজ বসন্তৰ আগজাননী। শীতৰ কঠোৰতা লাহে লাহে বিদায় লৈ ফাগুনৰ মৃদু পচোৱা বতাহে চৌদিশে এক মাদকতা ছটিয়াই দিছে। এই ঋতু পৰিবর্তনৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা পোৱা গৈছে এক মনোমোহা দৃশ্য—ডাল ভৰি ফুলি উঠিছে ৰঙা পলাশ।
শুকান ডালবোৰত যেন কোনো অদৃশ্য শিল্পীয়ে ৰঙা আবিৰ সানি থৈ গৈছে। পলাশৰ সৈতে শিমলু আৰু মদাৰৰ উজ্জ্বল ৰঙে প্ৰকৃতিৰ কেনভাচখন অধিক সজীৱ কৰি তুলিছে। অসমীয়া কবি-সাহিত্যিকৰ কলমত পলাশ চিৰদিনে প্ৰেম আৰু বিৰহৰ এক গভীৰ প্ৰতীক হিচাপে স্থান পাই আহিছে।
এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। লঠঙা গছবোৰে নতুন কুঁহিপাত মেলাৰ আগতেই এই ৰঙা ফুলবোৰে ধৰিত্ৰীক যেন নতুন কইনাৰ সাজত সজাই তুলিছে।
এই বসন্তৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলীত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। কিয়নো আজি ৰঙৰ উৎসৱ—হোলী। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে চৌদিশ। ফাকুৱা, ফিচকাৰী আৰু ৰঙৰ আনন্দত ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ।
অসমীয়া সাংস্কৃতিক চেতনাত এই ৰঙৰ উৎসৱক এক নৱ দিশ দান কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। গুৰুজনাই মাত্ৰ ২১ বছৰ বয়সতেই বৰদোৱাত এই উৎসৱৰ সূচনা কৰিছিল বুলি ইতিহাসে সাক্ষ্য দিয়ে।
পিছলৈ, বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰে বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই। সেই সময়ৰ পৰাই পৰম্পৰাগতভাৱে আৰু জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে।
আজি কৃষ্ণ বন্দনা আৰু হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। বসন্ত, ৰং আৰু উৎসৱৰ এই মিলনত সকলোৰে হৃদয়ত কেৱল আনন্দৰেই বন্যা।