ৰাজ্যত অভাৱনীয় খৰাং পৰিস্থিতিয়ে জুৰুলা কৰিছে কৃষকক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথাৰত মেলিছে চিৰাল ফাঁট । খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হবলগীয়া হৈছে কৃষকসকল । বৰষুণৰ অভাৱত কৃষকসকলে কঠিয়াও ৰোপণ কৰিব পৰা নাই । খৰাঙৰ বাবে কঠিয়াবোৰ নষ্ট হোৱা পৰিলক্ষিত হৈছে । পানীৰ অভাৱত শ শ বিঘা মাটিৰ এডৰাও ৰোব নোৱাৰি চিৰাল ফাঁট মেলা পথাৰলৈ চাই কৃষকে মূৰে কপালে হাত দি অপেক্ষা কৰিছে এজাক বৰষুণৰ বাবে।
ইফালে খৰাং পথাৰত পানী যোগানত বিফল জলসিঞ্চন বিভাগৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰীত ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰীৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে৷ আৰক্ষীৰ বেহু ভাঙি মূল গেট উফৰাই কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে নলবৰী জিলা ছাত্ৰ সন্থাই৷
ইফালে ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ বিশ্বনাথ জিলা ছাত্ৰ সন্থাইয়ো জলসিঞ্চন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে । বিশ্বনাথৰ ক্লক টাৱাৰৰ সমীপৰ পৰা আছুৰ শতাধিক নেতা কৰ্মীয়ে হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড লৈ সমদল কৰি জলসিঞ্চন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে। ইয়াৰ পিছতে বিভাগটোৰ কাৰ্যবাহী বিষয়াৰ হাতত কৃষক সকলৰ খেতি পথাৰত অতি শীঘ্ৰে পানী যোগান দিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।