সুদীৰ্ঘ দিনে বন্ধ হৈ থকা এটা কলঘৰ পুনৰ কাৰ্যক্ষম হৈ উঠিছে মৰিয়নিত । মৰিয়নিৰ নাগিনীজান চাহ বাগিছাৰ কলঘৰটো প্ৰায় ২৫বছৰ বন্ধ হৈ থকাৰ পিছত সম্প্ৰতি পুনৰ কাৰ্যক্ষম হৈ উঠিছে । ইতিমধ্যে চাহপাত প্ৰস্তুতৰ কাম সম্পন্ন হৈ আছে কলঘৰটোত । উল্লেখ্য যে অসম চাহ নিগমৰ অধীনত থকা অৱস্থাত কলঘৰটো বন্ধ হৈ যোৱাৰ উপৰিও চাহ শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল ।শ্ৰমিকসকলে নিজৰ প্ৰাপ্য মজুৰি বিছাৰি প্ৰতিদিনাই কৰিবলগীয়া হৈছিল প্ৰতিবাদ । কিন্তু বাগিছাখন চাহ নিগমৰ পৰা ব্যক্তিগত কোম্পানীলৈ হস্তান্তৰ কৰাৰ পিছত জালিংগা নামৰ কোম্পানীটোৱে নৱৰূপ দিবলৈ চেষ্টা কৰিছে বাগিছাখনক । মৃতপ্ৰায় অৱস্থাত থকা বাগিছাখন পুনজ্জীৱিত কৰি তুলাৰ ওপৰিও সুদীৰ্ঘ ২৫বছৰ বন্ধ হৈ থকা বাগিছাৰ কলঘৰ পুনৰ আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে ।সুদীৰ্ঘ দিন বন্ধ থকাৰ বাবে কলঘৰত নিয়োজিত বহু শ্ৰমিক কৰ্মচাৰী কৰ্মহীন হৈ পৰিছিল যদিও এতিয়া পুনৰ ন ৰূপেৰে কাৰ্যক্ষম হৈ উঠাত উৎফুল্লিত হৈ পৰিছে বাগিছাৰ শ্ৰমিক কৰ্মচাৰী । ইপিনে নাগিনীজান চাহ বাগিছাত অৰ্গেনিক চাহ প্ৰস্তুত কৰি বজাৰ দখল কৰা চেষ্টা কৰিব বুলি জানিব দিয়ে বাগিছাখনৰ কৰ্মচাৰীয়ে ।