নতুন দিল্লীত টিম অসম প্ৰদেশ কংগ্ৰেছ

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতেই নতুন দিল্লীলৈ অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাক জৰুৰী তলৱ কৰি মাতি নিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৷ ৩ জুনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব গৌৰৱ গগৈয়ে । দায়িত্ব গ্রহণৰ পূর্বে শুকুৰবাৰে দিনৰ ১২ বজাত নতুন দিল্লীৰ ইন্দিৰা ভৱনত সাংসদ গৌৰৱ গগৈয়ে অসম কংগ্ৰেছৰ দায়িত্বত থকা নেতাসকলৰ সৈতে ৰাহুল গান্ধী আৰু দলৰ ৰাষ্ট্ৰীয় নেতা মল্লিকার্জুন খার্গেক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় । দিল্লীৰ এই বৈঠকত ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঠোৰ হৈ পৰিছে দলৰ শীৰ্ষ নেতৃত্ব। অসম কংগ্ৰেছৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক ৰণনীতি আৰু সাংগঠনিক দিশ সন্দর্ভত এই বৈঠকত বিতংভাৱে পর্যালোচনা কৰা হয় । উক্ত বৈঠকত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সদ্য প্রাক্তন সভাপতি তথা নতুনকৈ নির্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰা ভূপেন বৰা, সমন্বয় সমিতিৰ অধ্যক্ষ দেবব্রত শইকীয়া, ইস্তাহাৰ সমিতিৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈ, প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইন আৰু নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ ৰিপুণ বৰা ৷ ইয়াৰ উপৰিও তিনি নৱনিযুক্ত কাৰ্যকৰী সভাপতি ক্ৰমে জাকিৰ হুছেইন শিকদাৰ, ৰ’জলিনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰেও এই বৈঠকত অংশগ্ৰহণ কৰে ৷

assambest news portal in assamcongressdnortheastelection
Comments (0)
Add Comment