“দেৱী দূৰ্গাৰ আগমন আৰু উৎসৱৰ আনন্দ”

“या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥”

আহিন মাহৰ পৰা আৰম্ভ হোৱা শৰৎ ঋতুত অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে উলহ-মালহেৰে পালন কৰা হয় দূৰ্গা পূজা। এই পূজা ভাগ দেৱী দূৰ্গাৰ মাহাত্ম্যক সোঁৱৰি অনুষ্ঠিত কৰা হয়। সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক ৰূপত এই দূৰ্গা পূজা অসমৰ সমগ্ৰ দেশতে এক বিশেষ আনন্দৰ উৎসৱ ।এই পূজা ভাগক লৈ আমি সকলোৱে সৰুৰ পৰা জ্যেষ্ঠলৈ,সকলো শ্ৰেণীৰ মানুহে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকো । বছৰৰ পূজা ভাগ শেষ হোৱাৰ পিছতে পৰৱৰ্তী পূজাৰ বাবে সকলোৰে মনত আৰম্ভ হয় নতুনৰ অপেক্ষা। গাঁৱতে হকও বা চহৰতে সেই সময়ত সকলোৰে মন আনন্দৰ ৰঙেৰে ভৰি থাকে। দূৰ্গা পূজা বুলি সকলোলোৱে নতুন কাপোৰৰ বজাৰ সমাৰ কৰে, ঘৰ-দুৱাৰ সাজি তোলে আৰু পৰিয়াল-বন্ধু-আত্মীয়ৰ সৈতে মিলি উৎসৱৰ আনন্দ কৰে।

দূৰ্গা পূজা বুলি কলে আনন্দৰ অনুভৱ, যি আমি শিশুকালত বেলুন বা সৰু-সৰু খেলা বস্তুসমূহ পৰা পাইছিলো। সেই দিনবোৰৰ কথা আৰু আনন্দবোৰ আজি পৰ্যন্ত আমাৰ মনত সজিব হৈ আছে। সেই সময়ত পূজা বন্ধৰ দিনবোৰলৈ অপেক্ষা কৰিছিলোঁ — কোনো পঢ়াশুনাৰ চিন্তা নাথাকে, পূজাৰ সময়ত সেই ৰাস্তাৰ কাষত থকা ফাষ্ট ফুড দোকানত, জালেপী বা অন্য মিঠাই, —এইবোৰে যেন আমাক এক বিশেষ আনন্দ ভৰাই তুলিছিল।

এইবাৰ দেৱী দূৰ্গা মা আগমন হৈছেল হাতীত । প্ৰতি বছৰৰ দৰে এইবাৰো সকলোৰে মনৰ আশা-আকাংক্ষা যেন পূৰণ হয়, সকলোৰে জীৱনত আনন্দ, সমৃদ্ধি আৰু শান্তিৰে ভৰি পৰক। দেৱী দূৰ্গাই মা যাতে সকলোৰে জীৱনলৈ সুখ-শান্তি অনাৰ লগতে সমগ্ৰ দেশৰ সমস্যা সমাধান কৰে । সকলোৱে নতুন আশা আৰু আনন্দৰ সৈতে , নতুন বছৰটৌৰ বাবে শুভকামনা আৰু আশীৰ্বাদ বিছাৰিছে। যোৱা সময়ত দেৱী দূৰ্গা মা’ৰ নাওৱেৰে যাত্ৰা।

devidurgadivineblessingdurgamadurgamablessingdurgapujafestivalvibesgoddessdurganortheast
Comments (0)
Add Comment