মনস্তাত্বিক ৰোগত আক্ৰান্ত হৈ পৰিছে দেশৰ তৰুণ-তৰুণী।দুশ্চিন্তা-অৱসাদ,নিচাৰ গৰাহত প্ৰায় ৫.৪ কোটি আক্ৰান্ত।মানসিক ৰোগত আক্ৰান্ত হৈ পৰিছে ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ ল’ৰা-ছোৱালী দেশত এতিয়া নীৰৱে সংগোপনে শিপাইছে এক গভীৰ সংকটে।এই সংকট কোনো শাৰীৰিক নহয় ,ই মানসিকহে।যোৱা প্ৰায় তিনি দশকত উদ্বেগ,অৱসাদ,আৰু নিচাজনিত সমস্যাই তৰুণ প্ৰজন্মক ভয়ংকৰ ৰূপত আক্ৰান্ত কৰি তুলিছে।মানসিক স্বাস্থ্য কেৱল ব্যক্তিগত নহয় ই এক জনস্বাস্থ্যজনিত প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে।বিভিন্ন গৱেষণা আৰু সমীক্ষাই ইংগিত দিছে যে দেশত প্ৰায় ৫.৪ কোটি তৰুণ মানসিক ৰোগত আক্ৰান্ত।বিশেষজ্ঞসকলৰ মতে দিনক-দিনে বৃদ্ধি পাই আহিছে এই আক্ৰান্তৰ সংখ্যা।
বৰ্তমান বহু তৰুণ-তৰুণী উদ্বেগ, অৱসাদ, পেনিক ডিজঅৰ্ডাৰ, অনিদ্ৰা, সামাজিক বিচ্ছিন্নতা আৰু আত্মবিশ্বাসৰ হ্ৰাসৰ ফলত নিত্যসংগী হৈ পৰিছে।বহু সময়ত সমস্যাবোৰ ধৰা নপৰাৰ ফলত পিছলৈ জটিল ৰূপ লয়।বিশেষজ্ঞসকলে কোৱা মতে,এনেকুৱা পৰিস্হিতিৰ আঁৰত আছে শিক্ষাক্ষেত্ৰত তীব্ৰ প্ৰতিযোগিতা,উচ্চ নম্বৰৰ চাপ,চাকৰিৰ অনিশ্চয়তা,বেকাৰত্ব,আৰ্থিক দুশ্চিন্তা,পাৰিবাৰিক অশান্তি,সম্পৰ্ক জটিলতা আৰু একাকীত্বই বহু তৰুণীক মানসিকভাৱে দুৰ্বল কৰি পেলাইছে।স্মাৰ্টফোন আৰু সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰ, লগতে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তিয়ে তৰুণ সমাজৰ মানসিক স্বাস্থ্যৰ ওপৰত ক্ৰমাৎ গভীৰ প্ৰভাৱ পেলাইছে। বিশেষজ্ঞসকলৰ মতে, অনলাইন জগতত আনৰ সৈতে নিজকে তুলনা কৰা, চাইবাৰ বুলিং, শিক্ষাগত আৰু কৰ্মসংস্থাপনৰ চাপৰ ফলত বহু তৰুণ অন্যান্য মানসিক সমস্যাত ভুগিছে।
ইয়াৰ লগতে মানসিক চাপৰ পৰা মুক্তি বিচাৰি নিচাৰ আশ্ৰয় লোৱাসকলৰ অৱস্থাও অধিক জটিল হৈ পৰে। বিশেষজ্ঞসকলে কয়, মানসিক অসুস্থতাক লুকুৱাই ৰখাৰ সলনি সময়মতে চিকিৎসক বা কাউন্সেলৰৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন।
নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত টোপনি, সুষম আহাৰ, পৰিয়ালৰ সহযোগিতা আৰু মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতাই এই সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। এখন সুস্থ সমাজ গঢ়িবলৈ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও সমান গুৰুত্ব দিয়াটো সময়ৰ দাবী।