দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ‍্যা

দেশত দিনক-দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ‍্যা। মূল্যবৃদ্ধিৰ পিছতে এইবাৰ বৃদ্ধি পাইছে নিবনুৱা।
দেশত এফালে মূল্যবৃদ্ধিৰ কোব, আনফালে নিবনুৱাৰ বৃদ্ধি—দ্বিমুখী সংকটত দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰে সাধাৰণ জনতা বিপদত থকাৰ সময়তে এতিয়া উদ্বেগ বঢ়াইছে নিবনুৱাৰ হাৰে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় বা এন এছ অ’ই প্ৰকাশ কৰা শেহতীয়া তথ্যই দেশৰ কৰ্মসংস্থাপনৰ ছবিখনক লৈ নতুনকৈ চিন্তা বৃদ্ধি কৰিছে।ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় অৰ্থাৎ এন এছ অ’ই প্ৰকাশ কৰা শেহতীয়া তথ্যই দেশৰ নিবনুৱাক লৈ উদ্বেগ বৃদ্ধি কৰিছে। জুন মাহত দেশৰ সামগ্ৰিক নিবনুৱাৰ হাৰ ৫.৫ শতাংশত স্থিৰ আছে। এই হাৰ যোৱা ১১ মাহৰ ভিতৰত সৰ্বাধিক। এপ্ৰিল মাহত নিবনুৱাৰ হাৰ আছিল ৫.১ শতাংশ। মে’ মাহত ই বৃদ্ধি পাই ৫.৫ শতাংশ হয় আৰু জুন মাহতো একেই থাকে।নগৰাঞ্চলত পৰিস্থিতি অধিক চিন্তাজনক। মে’ মাহত ৬.৪ শতাংশ থকা নিবনুৱাৰ হাৰ জুন মাহত বৃদ্ধি পাই ৬.৬ শতাংশ হৈছে। বিশেষকৈ ১৫ৰ পৰা ২৯ বছৰৰ যুৱক-যুৱতীৰ মাজত নিবনুৱাৰ সমস্যা অধিক বৃদ্ধি পাইছে। এই বয়সৰ লোকসকলৰ নিবনুৱাৰ হাৰ ১৫ শতাংশলৈ বৃদ্ধি পাইছে।আনফালে মহিলাৰ শ্ৰমশক্তি অংশগ্ৰহণৰ হাৰো সামান্য হ্ৰাস পাইছে। গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ সামান্য কমিলেও দেশৰ সামগ্ৰিক কৰ্মসংস্থাপনৰ ছবিখন এতিয়াও আশাব্যঞ্জক নহয়।বিশেষজ্ঞসকলৰ মতে, মূল্যবৃদ্ধি আৰু নিবনুৱাৰ যুগ্ম প্ৰভাৱে সাধাৰণ মানুহৰ ওপৰত আৰ্থিক হেঁচা অধিক বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত অধিক কর্মসংস্থান সৃষ্টি, উদ্যোগত বিনিয়োগ বৃদ্ধি আৰু যুৱ সমাজৰ বাবে নতুন নিয়োগৰ সুযোগ সৃষ্টিত চৰকাৰৰ তৎপৰ পদক্ষেপৰ ওপৰতেই এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

Comments (0)
Add Comment