দেউতাকে নাজানে নীট পৰীক্ষা মানে কি?

দেউতাকে নাজানে নীট পৰীক্ষা মানে কি?পুত্ৰ‌ই ৫০২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে নীট পৰীক্ষাত।তাৰ পাছতেই হাহি বিৰিঙিছে এইজন দেউতাকৰ মুখত।নীট পৰীক্ষা কি নজনা দেউতাকে মাত্ৰ জানে সন্তানক ভালকৈ পঢ়াব লাগে।তাৰ পাছতেই ঘৰখনলৈ নামি আহিল সুখৰ বন্যা।পুত্ৰ উত্তীৰ্ণ হ’ল নীট পৰীক্ষাত।ই ৰিক্সা চালকৰ পুত্ৰ হ’ব চিকিৎসক।সদ্যঘোষিত NEET UG পৰীক্ষাত ৰাজ্যৰ একাংশ‌ই লাভ কৰিছে সফলতা।তাৰ মাজতে কোকৰাঝাৰৰ এজন ই-ৰিক্সাচালকৰ পুত্ৰৰ সাফল্যতাই এতিয়া নমাইছে সুখৰ বন্যা।এওঁ গোৱিন্দ ৰায়।পেছাত ই ৰিক্সা চালক। তেওঁ নাজানে নীট কি অথচ জানে পুত্ৰক পঢ়াব লাগে।দিন-হাজিৰা কৰি ই ৰিক্সা চলাই পুত্ৰক পঢ়াই পিতৃয়ে।তাৰ পাছতেই সৰ্বভাৰতীয় নীট পৰীক্ষাত জিলিকিল বিজিত ৰায়।দিন হাজিৰা,খেতি খোলাৰ মাজতে পুত্ৰক মানুহ কৰাৰ সপোন দেখিছিল এইজন পিতৃয়ে।এতিয়া কোকৰাঝাৰৰ এইখন ঘৰৰ পৰাই সৃষ্টি হ’বলৈ গৈ আছে এজন সু চিকিৎসক।সফলতাৰ পাছত বিজিতেও কয় নিজৰ ওপৰত বিশ্বাস ৰাখিলে কৃতকাৰ্য হ’ব পাৰি।গাওঁ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বিজিতৰ এই সাফল্যত এতিয়া সুখী পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ

Comments (0)
Add Comment