প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহে ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামাদা ৰাবুকা । পোন প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী ৰাবুকাক এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ পত্নী, তেওঁৰ চৰকাৰৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা বিভাগৰ মন্ত্ৰী আন্তোনিও লালাবালাভু; আৰু ফিজি চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ এটা প্ৰতিনিধি দলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰাবুকা আৰু তেওঁৰ প্ৰতিনিধি দলক উষ্ম আদৰণি জনায়। নেতাসকলে দ্বিপাক্ষিক বিষয়সমূহৰ সম্পূৰ্ণ ৰূপ আৰু পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহৰ ওপৰত বিস্তৃত আৰু অগ্ৰগামী আলোচনা অনুষ্ঠিত কৰে। দুয়োখন দেশৰে প্ৰধান নেতা দুগৰাকীয়ে সম্পৰ্কৰ বিকাশত সন্তুষ্টি প্ৰকাশ কৰে আৰু প্ৰতিৰক্ষা, স্বাস্থ্য, কৃষি, কৃষি-প্ৰক্ৰিয়াকৰণ, বাণিজ্য আৰু বিনিয়োগ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ, সমবায়, সংস্কৃতি, ক্ৰীড়া, শিক্ষা আৰু দক্ষতা বিকাশৰ দৰে ক্ষেত্ৰত এক বিস্তৃত আধাৰিত, সামগ্ৰিক আৰু ভৱিষ্যদ্বাণীমূলক অংশীদাৰীত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ভাৰত আৰু ফিজীৰ মাজত আজি নতুন দিল্লীত স্বাস্থ্য, প্ৰমাণীকৰণ ক্ষমতা নিৰ্মাণ আৰু ভিন ভিন প্ৰকল্পকে ধৰি সাতখন চুক্তিৰ বিনিময় কৰা হয় । ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি ৰাবুকাৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ফিজিৰ ৰাজধানী চুভাত ১০০খন বিচনাযুক্ত এখন ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। তেওঁ লগতে কয় যে জন ঔষধি কেন্দ্ৰ স্থাপনৰ সমান্তৰালভাৱে ডায়েলিছিছ ইউনিট আৰু সাগৰীয় এম্বুলেন্স প্ৰেৰণ কৰা হ”ব, যিয়ে সুলভ আৰু উচ্চ মানদণ্ডৰ ঔষধ নিশ্চিত কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশে চাইবাৰ সুৰক্ষা আৰু তথ্য সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ সাজু হৈ উঠিছে । লগতে ভাৰত আৰু ফিজীয়ে প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত লোৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
ইয়াৰ বিপৰীতে ফিজীৰ প্ৰধানমন্ত্ৰী ৰাবুকাই শান্তি, সুস্থিৰতা, কল্যাণ আৰু উন্নয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰত আৰু ফিজি একেলগে থিয় দিছে বুলি মন্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনী ৰাবুকাই ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ফিজিৰ প্ৰধানমন্ত্ৰী মন্ত্ৰীগৰাকীয়ে ৰাজঘাটত স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰে।