দীঘল আৰু স্বাস্থ্যবান চুলিৰ বাবে প্ৰটিন সমৃদ্ধ খাদ্যৰ গুৰুত্ব

দীঘল আৰু স্বাস্থ্যবান চুলিৰ আকাংক্ষা প্ৰায় সকলোৰে থাকে। চুলিৰ বৃদ্ধিৰ বাবে আমি নানা ধৰণৰ তেল, মাস্ক বা প্ৰাকৃতিক চেম্পু ব্যৱহাৰ কৰোঁ। কিন্তু বাহ্যিক যত্নৰ লগতে ভিতৰৰ পৰা সঠিক পুষ্টি যোগান ধৰা অত্যন্ত জৰুৰী। বিশেষকৈ প্ৰটিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো চুলিৰ স্বাভাৱিক বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ।

প্ৰটিনে চুলিৰ গঠন শক্তিশালী কৰে আৰু শিপাক পুষ্টি যোগায়। অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাসৰ ফলত বহুসময়ত আমাৰ দেহত প্ৰয়োজনীয় প্ৰটিনৰ অভাৱ হয়, যাৰ প্ৰভাৱ ছাল আৰু চুলিত স্পষ্টভাৱে দেখা যায়। মনত ৰাখিব, চুলি মূলতঃ কেৰাটিন নামৰ প্ৰটিনৰে গঠিত। সেয়েহে খাদ্যত প্ৰটিনৰ ঘাটতি থাকিলে চুলিৰ বৃদ্ধি মন্থৰ হয় আৰু চুলি দুৰ্বল হৈ পৰে।

সেয়েহে, দৈনন্দিন খাদ্য তালিকাত কিছুমান থলুৱা প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিলে চুলিৰ স্বাস্থ্য উন্নত হ’ব পাৰে।

পনীৰ – প্ৰটিনে ভৰপূৰ পনীৰক এক প্ৰকাৰ “পাৱাৰহাউছ” বুলি কোৱা হয়। ১০০ গ্ৰাম পনীৰত প্ৰায় ১৮ গ্ৰাম প্ৰটিনৰ লগতে কেলচিয়াম আৰু ভিটামিন ডি থাকে। ই চুলিক শক্তিশালী কৰি দুৰ্বলতা হ্ৰাস কৰে আৰু শিপাক মজবুত কৰে।

আলমণ্ড – শুকান ফলৰ ভিতৰত আলমণ্ড বিশেষভাৱে উপকাৰী। ইয়াত প্ৰটিনৰ লগতে ভিটামিন ই, মেগনেছিয়াম আৰু স্বাস্থ্যকৰ চৰ্বি থাকে। দৈনিক প্ৰায় ২৮ গ্ৰাম আলমণ্ড খালে প্ৰায় ৬ গ্ৰাম প্ৰটিন পোৱা যায়। ই চুলিক চিকচিকিয়া আৰু মসৃণ কৰি তোলে।

বুট – প্ৰটিন, জিংক আৰু ভিটামিন বি৬ৰে সমৃদ্ধ বুট চুলিৰ বাবে অতি উপকাৰী। ১০০ গ্ৰাম সিজোৱা বুটত প্ৰায় ৯ গ্ৰাম প্ৰটিন থাকে। ই কেৰাটিন উৎপাদনত সহায় কৰি চুলিৰ শিপা শক্তিশালী কৰে।

ৰঙালাও গুটি – বীজৰ ভিতৰত ৰঙালাও গুটি চুলিৰ বৃদ্ধিৰ বাবে বিশেষ উপযোগী। ইয়াত প্ৰটিন, জিংক, ওমেগা-৩ ফেটি এচিড আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে চুলি সৰা কমায় আৰু শুকানভাব দূৰ কৰে।

শেষত ক’বলৈ গ’লে, দীঘল আৰু সুস্থ চুলিৰ বাবে কেৱল বাহ্যিক যত্ন যথেষ্ট নহয়। সঠিক আৰু পুষ্টিকৰ খাদ্যাভ্যাস গঢ়ি তোলাটোও সমানেই প্ৰয়োজনীয়।

eatforbeautyhaircairtipshairgrowthhairhealthhealthyhairhealthylifestylenaturalnutritionstronghair
Comments (0)
Add Comment