হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিত আকৌ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ দুৰ্নীতিৰ ঘটনা। অকচেকপথাৰ গাঁও পঞ্চায়তৰ দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত পকী নলা নিৰ্মাণৰ নামত ২০২৩-২৪ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা ৯,৯৭,০০০ টকা মুকলাই দিয়া হৈছিল।
অভিযোগ অনুসৰি, এই ধনৰ প্ৰায় ৯০ শতাংশ ধন ইতিমধ্যে মোকলায় দিয়া হৈছে যদিও বাস্তৱত মাত্ৰ ৩০ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই।
এই আঁচনিৰ আধাৰশিলা বিধায়ক চিৰাজুদ্দিন আজমলে নিজেই স্থাপন কৰিছিল। কিন্তু স্থানীয় ৰাইজৰ অভিযোগ মতে —বিধায়কক আঁধাৰত ৰাখি তেওঁৰ ৰাজনৈতিক সচিব আকবৰ আলী আৰু সহযোগিৰ লগতে খণ্ড উন্নয়ন বিষয়া নৱজিৎ বৰ্মণ, কনিষ্ঠ অভিযন্তা লৰেঞ্চ তেৰণে মিলি আঁচনিৰ ধন খাই থৈছে।
ৰাইজৰ অভিযোগৰ মতে, ২০০ মিটাৰ দুৰত নলা বনধা নিৰ্মাণৰ কাম হ’ব লগীয়া আছিল, কিন্তু ৫০-৬০ মিটাৰো সঠিকভাৱে কৰা হোৱা নাই। ইয়াৰ উপৰিও নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি, কাম চলোৱা হৈছে বুলি স্থানীয়সকলে অভিযোগ উত্থাপন কৰিছে।
এই ঘটনাৰ পিছত দীঘলজাৰৰ ৰাইজে হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অতিৰিক্ত আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে। এই ঘটনাৰ সন্দৰ্ভত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হব।