ত্রিনিডাড আৰু টোবাগোৰ সংসদৰ যৌথ অধিবেশনত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ প্রশংসা মোদীৰ

ঘানা ভ্রমণ সামৰি ভাৰতৰ প্রধানমন্ত্রী উপস্থিত হয়গৈ কেৰিবিয়ান ৰাষ্ট্ৰ ত্ৰিনিদাদ আৰু টোবাগোতত ৷ ত্রিনিডাড আৰু টোবাগোৰ প্রধানমন্ত্রীয়ে শাড়ী পৰিধান কৰি অদৰণি জনায় প্রধানমন্ত্রীক ৷

প্রধানমন্ত্ৰী মোডীয়ে সংসদৰ যৌথ অধিবেশনত ভাষণ প্রদান কৰে য’ত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দলৰ প্রশংসা কৰে। মোডীয়ে কয় যে ভাৰতীয় সকল ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দলৰ খেল উপভোগ কৰাকলৈ সদায়ে উৎসাহিত, যদিহে ভাৰতৰ বিৰুদ্ধে নেখেলে ৷ এই সন্দৰ্ভত প্রধানমন্ত্রী গৰকীয়ে আৰু কি ক’লে শুনক

ট্ৰিনিদাদ আৰু টোবাগোৰ সংসদৰ যুটীয়া অধিবেশনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ১৮০ বছৰ পুৰণি ৷ ১৮০ বছৰ পূৰ্বে বহু দূৰ বাট কষ্টসাধ্য যাত্ৰাৰ অন্তত, সাগৰৰ পাৰ হৈ প্ৰথম ভাৰতীয়সকলেই এই ভূমিত ভৰি দিছিল। ক্ৰিকেটৰ পৰা বাণিজ্যলৈ, কেৰেবিয়ান সংগীতৰ সৈতে ভাৰতীয় সুৰ এক হোৱাৰ লৈকে প্রতিটো খণ্ডতেই তেওঁলোকে নিজৰ অৱদান আগবঢ়াই আহিছে ৷

ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে , “এই মহান ৰাষ্ট্ৰৰ জনতাই দুগৰাকী অসাধাৰণ মহিলা নেত্ৰীক নিৰ্বাচন কৰি উলিয়াইছে – ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী। তেওঁলোকে গৰ্বৰে নিজৰ পৰিচয় ভাৰতীয় প্ৰৱাসীসন্তান হিচাপে দিয়ে। তেওঁলোকে নিজৰ ভাৰতীয় ধাৰণা আৰু সংস্কৃতিক লৈ গৰ্ববোধ কৰে ৷

#ghana#narendramodi#pm#politicaltour
Comments (0)
Add Comment