ত্যাগ, সংগ্ৰাম আৰু আত্মবলিদানৰ ৮০ বছৰ


ফুলগুৰিৰ পৰা কনকলতালৈ—সংগ্ৰামৰ এক অমৰ ইতিহাস।স্বাধীনতাৰ ৮০ বছৰ,শ্বহীদৰ ত্যাগত গঢ়া এখন স্বাধীন দেশ।ভাৰতীয় ইতিহাসৰ এক গৌৰৱোজ্জ্বল দিন। ১৯৪৭ চনৰ এই দিনটোতেই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিল ভাৰত। কিন্তু এই স্বাধীনতা কোনো সহজলভ্য উপহাৰ নাছিল।শতিকা জোৰা শোষণ, অত্যাচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে দেশজুৰি গঢ় লৈ উঠিছিল এক বৃহৎ গণআন্দোলন। কোনোবাই হাতত অস্ত্ৰ তুলি লৈছিল, কোনোবাই অহিংস সত্যাগ্ৰহৰ পথ বাছি লৈছিল, কোনোবাই কাৰাগাৰলৈ গৈছিল, আন কোনোবাই নিজৰ জীৱনেই উৎসৰ্গা কৰিছিল দেশমাতৃৰ বাবে।অসমো এই সংগ্ৰামৰ পৰা আঁতৰি থকা নাছিল। ফুলগুৰি ধেৱাৰ পৰা আৰম্ভ কৰি অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনলৈ—অসমৰ মাটিতো জ্বলি উঠিছিল স্বাধীনতাৰ অগ্নিশিখা। প্ৰাণ হেৰুৱাইছিল পিয়লি ফুকন, মণিৰাম দেৱান, কনকলতা আৰু অনেক লোক।স্বাধীনতাৰ ৭৯ বছৰীয়া যাত্ৰাৰ এই বিশেষ ক্ষণত আহক, উভতি চাওঁ সেই দিনবোৰলৈ… যি দিনবোৰৰ ত্যাগ আৰু সংগ্ৰামৰ বিনিময়ত আমি লাভ কৰিছিলোঁ স্বাধীনতা।ভাৰতলৈ বাণিজ্যৰ উদ্দেশ্যে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক্ৰমাৎ নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে। ১৭৫৭ চনৰ পলাশীৰ যুদ্ধৰ পাছত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিত আৰম্ভ হ’ল এক নতুন অধ্যায়।ক্ৰমাৎ ভাৰতৰ বিস্তীৰ্ণ অঞ্চল ব্ৰিটিছ শাসনৰ অধীনলৈ আহিল। ৰাজনৈতিক নিয়ন্ত্ৰণৰ লগতে আৰম্ভ হ’ল অৰ্থনৈতিক শোষণ।ভাৰতীয় কৃষক, শ্ৰমিক আৰু সাধাৰণ জনতাৰ ওপৰত বৃদ্ধি পালে কৰৰ বোজা। দেশীয় উদ্যোগ আৰু হস্তশিল্প ক্ষতিগ্ৰস্ত হ’ল। সম্পদৰ বহিঃপ্ৰবাহে ভাৰতীয় অৰ্থনীতিক দুৰ্বল কৰি তুলিলে।কিন্তু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদো থমকি নৰ’ল।দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ’ল বিক্ষোভ আৰু বিদ্ৰোহ। অৱশেষত ১৮৫৭ চনত সংঘটিত হ’ল ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ—যাক বহুতে ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ হিচাপে অভিহিত কৰে।

১৮৫৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতীয় সৈনিক আৰু সাধাৰণ জনতাৰ এক বৃহৎ বিদ্ৰোহ আৰম্ভ হ’ল।মংগল পাণ্ডেৰ বিদ্ৰোহৰ পৰা আৰম্ভ হোৱা এই জুই ক্ৰমাৎ বিয়পি পৰিল দিল্লী, কানপুৰ, লক্ষ্ণৌ, ঝান্সীসহ দেশৰ বিভিন্ন অঞ্চললৈ।ৰাণী লক্ষ্মীবাই, তাঁতিয়া টোপে, বাহাদুৰ শাহ জাফৰসহ বহু নেতাই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিলে।যদিও ১৮৫৭ৰ বিদ্ৰোহ সফল নহ’ল, কিন্তু এই বিদ্ৰোহে ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিলে আৰু ভাৰতীয়সকলৰ মনত গঢ় লৈ উঠিল এটা শক্তিশালী বিশ্বাস—“স্বাধীনতা লাভ কৰিবই লাগিব।”

অসমতো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ ইতিহাস যথেষ্ট পুৰণি।১৮৬১ চনৰ ফুলগুৰি ধেৱা অসমৰ কৃষক বিদ্ৰোহৰ ইতিহাসত এক উল্লেখযোগ্য অধ্যায়।ব্ৰিটিছ প্ৰশাসনে কৃষিজাত সামগ্ৰীৰ ওপৰত কৰ আৰোপ আৰু বিভিন্ন নীতিৰ জৰিয়তে কৃষকসকলৰ ওপৰত চাপ সৃষ্টি কৰিছিল। ইয়াৰ বিৰুদ্ধে নগাঁও জিলাৰ ফুলগুৰি অঞ্চলত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ ক্ৰমাৎ তীব্ৰ হৈ উঠে। ব্ৰিটিছ প্ৰশাসনে শক্তি প্ৰয়োগ কৰে।ফুলগুৰি ধেৱা কেৱল এটা কৃষক বিদ্ৰোহ নাছিল—ই আছিল ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে অসমৰ সাধাৰণ মানুহৰ প্ৰতিবাদী চেতনাৰ এক শক্তিশালী প্ৰকাশ।

বিশ শতাব্দীৰ আৰম্ভণিত ভাৰতীয় স্বাধীনতা আন্দোলনে লাভ কৰিলে এক নতুন ৰূপ।মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰু অহিংস আন্দোলন স্বাধীনতা সংগ্ৰামৰ অন্যতম শক্তিশালী অস্ত্ৰ হৈ পৰিল।১৯২০ চনত আৰম্ভ হোৱা অসহযোগ আন্দোলনে দেশৰ সাধাৰণ মানুহক স্বাধীনতা সংগ্ৰামৰ সৈতে ব্যাপকভাৱে জড়িত কৰিলে।বিদেশী সামগ্ৰী বর্জন, চৰকাৰী প্ৰতিষ্ঠান বর্জন আৰু স্বদেশী সামগ্ৰীৰ ব্যৱহাৰৰ আহ্বানে দেশজুৰি সৃষ্টি কৰিলে নতুন জাগৰণ।অসমতো এই আন্দোলনৰ প্ৰভাৱ পৰিল গভীৰভাৱে।ছাত্ৰ, যুৱক, মহিলা, কৃষক—বিভিন্ন শ্ৰেণীৰ মানুহ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত হ’বলৈ ধৰিলে।অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত কেইবাগৰাকীও নেতাৰ অৱদান স্মৰণীয়।তৰুণ ৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই অসমত জাতীয় আন্দোলনক শক্তিশালী ৰূপ দিছিল।গোপীনাথ বৰদলৈয়ে অসমত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰাৰ লগতে স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।অসহযোগ আন্দোলনৰ সময়ত অসমৰ বহু ছাত্ৰই বিদ্যালয়-কলেজ ত্যাগ কৰি আন্দোলনত অংশ লৈছিল।অসমৰ মহিলাসকলেও এই আন্দোলনৰ পৰা আঁতৰি থকা নাছিল।চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে মহিলাই সামাজিক আৰু জাতীয় আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
স্বাধীনতাৰ আকাংক্ষা অসমৰ গাঁও-ভূঁইলৈকে বিয়পি পৰিছিল।১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হ’ল আইন অমান্য আন্দোলন।দাণ্ডী যাত্ৰাৰ জৰিয়তে গান্ধীয়ে ব্ৰিটিছৰ লৱণ আইনক প্ৰত্যাহ্বান জনালে।এই আন্দোলনৰ প্ৰভাৱো অসমত পৰিল।ব্ৰিটিছ শাসনৰ অন্যায় আইন আৰু নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিল বহুজন।কাৰাগাৰ, লাঠিচালনা, অত্যাচাৰ—কোনো একোৱেই আন্দোলনকাৰীক পিছলৈ ঠেলিব নোৱাৰিলে।১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ মাজতে মহাত্মা গান্ধীয়ে দিলে ঐতিহাসিক আহ্বান—“কৰিম কিম্বা মৰিম।”আৰম্ভ হ’ল ভাৰত ত্যাগ আন্দোলন।অসমতো আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে।গহপুৰৰ আৰক্ষী থানাত জাতীয় পতাকা উত্তোলনৰ উদ্দেশ্যে আগবাঢ়িছিল এদল স্বাধীনতা সংগ্ৰামী।সেই দলৰ নেতৃত্বত আছিল এগৰাকী মহিলা কনকলতা বৰুৱা।ব্ৰিটিছ আৰক্ষীৰ বাধাৰ সন্মুখীন হৈও কনকলতা পিছুৱাই নাহিল।জাতীয় পতাকা হাতত লৈ আগবাঢ়ি যোৱা কনকলতা বৰুৱা আৰক্ষীৰ গুলীত শ্বহীদ হয়।তেওঁৰ সৈতে মুকুন্দ কাকতিও প্ৰাণ হেৰুৱায়।মাত্ৰ ১৭ বছৰ বয়সতে কনকলতা বৰুৱাই নিজৰ জীৱন উৎসৰ্গা কৰিলে দেশৰ স্বাধীনতাৰ বাবে।“কনকলতা বৰুৱাৰ কাহিনী কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সাহস আৰু আত্মত্যাগৰ এক উজ্জ্বল প্ৰতীক।”১৯৪০ৰ দশকত স্বাধীনতা আন্দোলন আৰু অধিক শক্তিশালী হৈ উঠিল।সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজে সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ভাৰতক স্বাধীন কৰাৰ লক্ষ্যৰে আগবাঢ়িল।
আনহাতে ভাৰতৰ ভিতৰতো ব্ৰিটিছ বিৰোধী আন্দোলন তীব্ৰ হৈ উঠিল।দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটিছ সাম্ৰাজ্য অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰে।ভাৰতীয়সকলৰ স্বাধীনতাৰ দাবী আৰু আওপকীয়া কৰাৰ কোনো সুযোগ নাথাকিল।অৱশেষত ব্ৰিটিছ চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।১৯৪৭ চনৰ ১৫ আগষ্ট।দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ভাৰত স্বাধীন হ’ল।দিল্লীৰ লালকিল্লাত উৰিল ত্ৰিৰংগা।জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীক সম্বোধন কৰিলে।দেশে লাভ কৰিলে স্বাধীনতা।কিন্তু এই স্বাধীনতাৰ আঁৰত আছিল অসংখ্য ত্যাগ।অসংখ্য পৰিয়ালে হেৰুৱালে আপোনজনক।অসংখ্য যুৱক-যুৱতীয়ে নিজৰ যৌৱন উৎসৰ্গা কৰিলে দেশৰ বাবে।৮০ বছৰ পাৰ হ’ল স্বাধীন ভাৰতৰ।সময় সলনি হৈছে। দেশ আগবাঢ়িছে।কিন্তু স্বাধীনতাৰ অৰ্থ কেৱল ব্ৰিটিছ শাসনৰ পৰা মুক্তি নহয়।স্বাধীনতাৰ অৰ্থ—ন্যায় আৰু সমতাৰে কৰা এখন সমাজ।স্বাধীনতাৰ অৰ্থ—নিজৰ অধিকাৰ আৰু মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ।আৰু সেই স্বাধীনতাক সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব প্ৰতিজন নাগৰিকৰ।আজিৰ প্ৰজন্মই স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক কিদৰে স্মৰণ কৰিব?এই প্ৰশ্নৰ উত্তৰ কেৱল ১৫ আগষ্টৰ এটা দিনত সীমাবদ্ধ নহয়।দেশৰ প্ৰতি দায়িত্ব পালন কৰাই হ’ব স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।এখন স্বাধীন দেশৰ নাগৰিক হিচাপে আজি আমি যি অধিকাৰ উপভোগ কৰিছোঁ, তাৰ আঁৰত আছে অগণন মানুহৰ ত্যাগ আৰু আত্মবলিদান।ফুলগুৰিৰ কৃষকৰ পৰা কনকলতা বৰুৱালৈ।গান্ধীৰ অহিংস আন্দোলনৰ পৰা সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজলৈ।প্ৰতিটো অধ্যায়েই কয় একেটা কথা—
স্বাধীনতা সহজে অহা নাছিল।সেয়ে স্বাধীনতাৰ মূল্য বুজিব লাগিব।স্বাধীনতাৰ ইতিহাস জানিব লাগিব আৰু দেশৰ গণতান্ত্ৰিক মূল্যবোধ, সংবিধান আৰু নাগৰিক অধিকাৰ ৰক্ষা কৰাৰ সংকল্প ল’ব লাগিব।


স্বাধীনতাৰ অগ্নিযাত্ৰাৰ সেই ইতিহাসক সুঁৱৰি,যিসকলে দেশৰ হকে প্ৰাণ আহুতি দিলে সেইসকল মহান ব্যক্তিক শ্ৰদ্ধাৰে সুঁৱৰি,দেশবাসীলৈ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা।

JAI HIND

Comments (0)
Add Comment