“তীব্ৰ প্ৰতিবাদৰ মাজত নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. অলীৰ পদত্যাগ”

নেপালত পুনৰ এটা বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন। প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলীয়ে পদত্যাগ কৰে। চৰকাৰৰ নিৰ্দেশত সংঘটিত হোৱা দমন কাৰ্য্যত অন্ততঃ ২২ জন লোকৰ মৃত্যুৰ পিছত দেশজুৰি তীব্ৰ প্ৰতিবাদ পুনৰ জ্বলিবলৈ ধৰাত এই পদক্ষেপ ল’ব লয় বাধ্য হয়।

ৰাজধানী কাঠমাণ্ডু ধৰি নেপালৰ অন্য চহৰলৈকে বিগত কেইবাদিনো ধৰি উদ্ভৱ হোৱা তীব্ৰ বিক্ষোভৰ ফলত কে.পি. অলীৰ ওপৰত প্ৰচণ্ড চাপ বৃদ্ধি পাইছিল। মূলতঃ যুৱ সমাজৰ Gen z নেতৃত্বত বিক্ষোভকাৰীয়ে ৰাজপথত নামি চৰকাৰৰ দুৰ্নীতি, নিবনুৱা সমস্যা আৰু ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা লৈ ক্ষোভ প্ৰকাশ কৰে।

সোমবাৰে ৰাতিপুৱাই পদত্যাগৰ সিদ্ধান্তৰ কথা নিশ্চিত কৰে অলীয়ে। ৰাজনৈতিক বিশ্লেষকসকলে কৈছে, ই বিগত কেইবছৰ ধৰি নেপালত দেখা দিয়া অন্যতম বৃহৎ ৰাজনৈতিক ঘটনা।

মঙলবাৰে সান্ধ্য আইনকো প্ৰতিহত কৰি বিক্ষোভকাৰীয়ে ফেচবুক, ইউটিউব আৰু এক্সত প্ৰৱেশৰ ওপৰত চৰকাৰে আৰোপ কৰা বিতৰ্কিত নিষেধাজ্ঞা উঠাই লোৱাৰ দাবীত তীব্ৰ শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে।

democracynepalgenzprotestkathmanduprotestNEPALNEWSNEPALPOLITICSpoliticalcrisissocialmediaban
Comments (0)
Add Comment