অসম সন্তান ৰুবুল মাউটৰ আন এক বৃহৎ সফলতা। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ড০ ৰুবুল মাউটৰ উদ্ভাৱনে এতিয়া খলকনি লগাইছে সমগ্ৰ বিশ্বত। কৃত্ৰিম বুদ্ধিমত্তাৰে ৰুবুলৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে প্ৰস্তুত প্ৰ’টিনে শক্তিশালী কৰিব মানৱ দেহৰ প্ৰতিৰোধতন্ত্ৰ।প্ৰসিদ্ধ জাৰ্ণেলত প্ৰকাশ ড০ ৰুবুল মাউটৰ উদ্ভাৱনৰ সবিশেষ।
ৰুবুল মাউটে চ’চিয়েল মিডিয়াযোগে তেওঁৰ গৱেষণা সন্দৰ্ভত প্ৰকাশ কৰি কয়,
কৃত্ৰিমভাৱে Notch signaling সক্ৰিয়কৰণেৰে টি কোষৰ উৎপত্তি আৰু বৃদ্ধি কৰা নতুবা এই কোষবোৰৰ কৰ্ম (Function) সৱল কৰাৰ যি প্ৰচেষ্টা, সেয়া আৰম্ভ হৈছিল মই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ অহাৰ পৰাই, 2021 চনত। প্ৰাকৃতিকভাৱে টি কোষত এই Notch প্ৰক্ৰিয়া সক্ৰিয় হয় যেতিয়া টি কোষে অন্য কিছুমান কোষৰ সংস্পৰ্শলৈ আহে। টি কোষত থকা Notch receptor নামৰ প্ৰ’টিনে যেতিয়া অন্য কোষত থকা Notch ligand নামৰ প্ৰ’টিন অনুক স্পৰ্শ কৰে তেতিয়াই Notch signaling সক্ৰিয় হৈ উঠে। ঠিক যেন বাটত আমি গৈ থাকোঁতে অন্য এজন মানুহক লগ পালে তেওঁক স্পৰ্শ কৰি দিলেই আমাৰ ভিতৰত বিশেষ আৱেগ সক্ৰিয় হৈ উঠিব! অৰ্থাত Notch signaling সক্ৰিয় কৰিবলৈ অন্য কোষৰ Notch ligand’এ স্পৰ্শ কৰটো অনিবাৰ্য। ইয়াতেই সমস্যাটো—কাৰণ টি কোষক স্পৰ্শ কৰি Notch সক্ৰিয় কৰিবলৈ অন্য কোষ ক’ত পোৱা যাব?
আমাৰ গৱেষণাত আমি সৃষ্টি কৰা কৃত্ৰিম প্ৰ’টিন অণু (De novo protein) ব্যৱহাৰ কৰি এনে টি কোষ কিছুমান পৰস্পৰৰ সংস্পৰ্শলৈ আনি কোষীয় Notch signaling প্ৰক্ৰিয়া সক্ৰিয় কৰিছিলোঁ। উল্লেখযোগ্য যে এই কৃত্ৰিম অণুবোৰ মই ডেভিদ বেকাৰৰ লেবৰেটৰীত থাকোঁতেই তৈয়াৰ কৰিছিলোঁ আৰু বেকাৰক এনে কৃত্ৰিম প্ৰ’টিন অণু নিৰ্মাণৰ যুগান্তকাৰী গৱেষণাৰ বাবেই 2024 চনৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা দিয়া হৈছিল।
টি কোষ সৃষ্টি আৰু সক্ৰিয়কৰণ বিশিষ্ট এই কৃত্ৰিম প্ৰ’টিন অণুৰ নাম দিলোঁ Soluble Notch agonist।
এই অণুবোৰ ব্যৱহাৰ কৰি আমি দেখুৱালোঁ যে পৰীক্ষাগাৰত অস্থিমজ্জাৰ কাণ্ডকোষৰ পৰা অসংখ্য টি কোষ সৃষ্টি কৰিব পাৰি। ই এক গুৰুত্বপূৰ্ণ উদ্ভাৱন কাৰণ বৰ্তমান বিশ্বৰ চিকিৎসা ব্যৱস্থাত কৰ্কট প্ৰতিৰোধী CAR T cell প্ৰস্তুত কৰিবলৈ এনে বহুত টি কোষৰ প্ৰয়োজন হয়। CAR T cell হৈছে এক ধৰণৰ Cancer immunotherapy য’ত ৰোগীৰ দেহৰ পৰা টি কোষ আহৰণ কৰি এইবোৰক চিকিত্সালয়ত অভিযন্ত্ৰণ কৰি পুনৰ ৰোগীৰ দেহত সুমুৱাই দিয়া হয় যাতে এই কোষবোৰে গৈ কৰ্কট কোষক ধ্বংস কৰিব পাৰে।
আমাৰ গৱেষণাৰ আন এটা গুৰুত্বপূৰ্ণ ফলাফল হৈছে যে এই অণুবোৰে পৰীক্ষামূলক এন্দুৰৰ শৰীৰতো টি কোষক সক্ৰিয় কৰি বিশেষ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাটো। বিশেষকৈ প্ৰতিষেধক এটা দিয়াৰ পিছত এই Notch agonist বোৰে এন্দুৰৰ দেহত বীজাণুৰ বিৰুদ্ধে সৃষ্টি কৰা টি কোষৰ যি স্মৃতি (যাক Antigen-specific memory T cell বোলা হয়), সেই স্মৃতি বৃদ্ধি কৰাত অতি উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। এই ফলাফল এই বাবেই গুৰুত্বপূৰ্ণ যে ভৱিষ্যতে আমি প্ৰতিষেধক এটা লোৱাৰ পিছত ইয়াৰ প্ৰতিৰোধী ক্ষমতা দীৰ্ঘ দিন বৰ্তি থকিবলৈ হ’লে এনে স্মৃতি টি কোষ বৃদ্ধি কৰাটো প্ৰয়োজনীয়।
এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে, আমাৰ এই গৱেষণাৰ সৈতে কেইবাগৰাকীও বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী জড়িত হৈ আছে। তাৰ ভিতৰত ন’বেল বিজয়ী ডেভিদ বেকাৰ, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ ডীন জৰ্জ ডেলী, পূৰ্বৰ চিকিৎসাবিজ্ঞানৰ ন’বেল সমিটিৰ অধ্যক্ষ আৰবান লেনডাল, হাৰ্ভাৰ্ড বি চি এম পিৰ মূৰব্বী ষ্টিভ ব্লেকল’কে আদি কৰি মূঠ চৌব্বিছ গৰাকী বিজ্ঞানী।
বৰ্তমানে আমি এই Soluble Notch agonist ব্যৱহাৰ কৰি মানুহৰ বাৰ্ধক্যৰ ফলত সংকুচিত থাইমাছ তথা আমাৰ অৱক্ষয়ী প্ৰতিৰোধ তন্ত্ৰক কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰি তাৰ ব্যাপক গৱেষণা কৰি আছোঁ। মানুহৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে বা কোনো ৰোগত আক্ৰান্ত হৈ ক্ৰমাৎ হ্ৰাস হৈ অহা টি কোষৰ সংখ্যা যদি আমি বৃদ্ধি আৰু সক্ৰিয় কৰি মানুহৰ ৰোগ নিৰ্মূল কৰিব পাৰোঁ, তেন্তে ই হ’ব চিকিৎসা বিজ্ঞানৰ এক বৃহৎ সাফল্য।