আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্ৰুপদী নৃত্যশিল্পী ড° সোণাল মানসিংলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ “শ্ৰীমন্ত শংকৰদেৱ বঁটা”। অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটা তেওঁক প্ৰদান কৰে। গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্য চৰকাৰৰ বহুতো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
ড° সোণাল মানসিং শাস্ত্ৰীয় নৃত্যৰ জগতখনত এক সুপ্ৰতিষ্ঠিত নাম। ভাৰতনাট্যম আৰু ওডিশী নৃত্যৰ জৰিয়তে তেওঁ দেশবিদেশত ভাৰতীয় সাংস্কৃতিক ঐতিহ্যক সমাদৃত কৰি তুলিছে। তেওঁক ভাৰত চৰকাৰৰ ‘পদ্মভূষণ’ আৰু ‘পদ্মবিভূষণ’ আদি সন্মানেও সন্মানিত কৰা হৈছে।শ্ৰীমন্ত শংকৰদেৱ বঁটা হৈছে অসম চৰকাৰৰ শ্ৰেষ্ঠ সাহিত্য, ধৰ্মীয় আৰু সাংস্কৃতিক অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰদান কৰা বঁটা। এইবাৰ ড° সোণাল মানসিংৰ সাহসী যাত্ৰা আৰু অৱদানৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হৈছে। সোণাল মানসিঙে কয় যে “মোৰ নৃত্যই মোক বিশ্বৰ ৯০খন দেশলৈ লৈ গৈছে… মই দেখিছো, নৃত্যই মানুহক একত্ৰিত কৰিব পাৰে, শান্তি দিব পাৰে।”তেওঁ কৈছিল যে, সংগীতজ্ঞ পণ্ডিত ৰবি শংকৰ আদিয়ে সংগীত বিশ্বজুৰি প্ৰচাৰ কৰিছিল, কিন্তু নৃত্যৰ ক্ষেত্ৰত তেনে প্ৰচেষ্টা অতি কম আছিল। সেই অভাৱ পূৰণ কৰাৰ বাবে তেওঁ নিজৰ জীৱন উছৰ্গা কৰে।
৬২ বছৰ বয়সত কৈলাশ পৰ্বতৰ ২১,৭৭৮ ফুট উচ্চতাত নৃত্য কৰাৰ অভিজ্ঞতাক তেওঁ “দিব্য অনুভৱ” বুলি বৰ্ণনা কৰে। চাৰি বছৰ বয়সত নৃত্য শিকাৰ আৰম্ভণি আৰু সাত বছৰ বয়সত ভাৰতনাট্যমৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি তেওঁ আজিৰ এই গৰিমাময় স্থানলৈ আহি উপনীত হয়।অসমৰ সত্ৰীয়া নৃত্যৰ বিষয়ে মানসিঙে উল্লেখ কৰে যে “২০০০ চনত ভূপেন হাজৰিকাই মোক অসমলৈ আহিবলৈ কৈছিল। মই আহি কৈছিলোঁ, সত্ৰীয়া সম্ভৱ, কিন্তু ইয়াক বিশ্বদৰবাৰত লৈ যাব লাগিব।”তেওঁৰ পদক্ষেপ আৰু অধ্যৱসায়েৰে সত্ৰীয়া নৃত্যই ২০০০ চনত সংগীত নাটক একাডেমীৰ স্বীকৃতি লাভ কৰি ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্য ৰূপত বিবেচিত হয়। ড° সোণাল মানসিংৰ জীৱন এক অনুপ্ৰেৰণা। শৈশৱৰ পৰা আৰম্ভ হোৱা তেওঁৰ নৃত্যযাত্ৰা আজি বিশ্বদৰবাৰলৈ বিস্তৃত হৈছে। ভাৰতীয় শাস্ত্ৰীয় নৃত্যক বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰাৰ লগতে অসমৰ সত্ৰীয়া নৃত্যকো নিজৰ স্পৰ্শেৰে আগবঢ়োৱা ড° সোণাল মানসিংক এই স্বীকৃতি সঁচাকৈ গৌৰৱৰ বিষয়।