অবিভক্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত ডিমৌ কৃষি বিষয়াৰ কাৰ্যালয়ত আউল লাগিছে | দীৰ্ঘদিনে একেটা কাৰ্যালয়তে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু ৪ৰ্থ বৰ্গৰ কৰ্মীয়ে থিতাপি লৈ দিন অতিবাহিত কৰি নানা ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ | কৃষিমন্ত্ৰী অতুল বৰাৰ ডিমৌৰ এই বিভাগটোত এতিয়া দৰিদ্ৰ কৃষকৰ বাবে চৰকাৰীভাৱে আৱণ্টিত কৃষি সঁজুলি আৰু কৃষি শস্য লাভ কৰাৰ বাবদ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কৃষকৰ পৰা ধনদাবী কৰাৰো অভিযোগ উত্থাপন হৈছে । কৃষি পথাৰত ব্যৱহৃত ষ্পেয়াৰৰ বাবদ ৫০০/৬০০ টকা আৰু কৃষি ভূমিত পানী যোগান ধৰা পাম্পৰ বিনিময়ত ১৬০০/-, ১৮০০/-, ২০০০/- আৰু ২১০০/- টকা সংগ্ৰহ কৰাৰ অভিযোগ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে | আনহাতে এই বিভাগটোৰ বিৰুদ্ধে ধন সংগ্ৰহ আৰু দৰিদ্ৰ কৃষকে কৃষি সঁজুলি আৰু কৃষি শস্য সময়োপযোগীভাৱে নোপোৱাৰ অভিযোগ আনিছে দুৰ্নীতি প্ৰতিৰোধ সমিতিৰ সভাপতি ধ্ৰুৱ বৰুৱাই | আজি ডিমৌৰ এই কৃষি বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ ধ্ৰুৱ বৰুৱাই চৰকাৰী বিষয়া-কৰ্মচাৰী সময়মতে কাৰ্যালয়ত অনুপস্থিতি আৰু ভয়ংকৰ দুৰ্নীতি সন্দৰ্ভত সংবাদ-মাধ্যমৰ জড়িয়তে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰণ শাখাৰ হস্তক্ষেপ বিচাৰে |