ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে

মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ দুৱাৰ খুলি থাকোতে গোপীচন্দ পদলকাৰ আৰু জিতেন্দ্ৰ আৱহাদ তৰ্কাতৰ্কিত লিপ্ত হয় আৰু এই  তৰ্কই গালি-গালাজৰ পৰ্যায় লাভ কৰে। বিষয়টো কিছু শান্ত হৈছিল যদিও পুনৰ পৰবৰ্তী সময়ত বিধানসভা চৌহদৰ ভিতৰতে দুয়োজন বিধায়কৰ সমৰ্থকসকল সংঘৰ্ষত লিপ্ত হয়।

মহাৰাষ্ট্ৰৰ বিধানসভা চৌহদত সংঘটিত এই হুলস্থুলে ৰাজনৈতিক শত্ৰুতাই যে এতিয়া ব্যক্তিগত শত্ৰুতাৰ ৰূপ লৈছে, সেই ছবিকেই পৰিস্ফূত কৰিছে । মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ মূল শক্তি শিৱসেনা, এন চি পি, বিজেপি আৰু কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক সংঘাত যে এতিয়া ব্যক্তিগত সংঘাতলৈ পৰিণত হৈছে, সেইয়া এই সংঘৰ্ষই প্ৰমাণ কৰি তুলিছে ।

আনহাতে সমগ্ৰ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দেশৰ আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ শৰদেশাই এক্সত লিখিছে যে- মহাৰাষ্ট্ৰৰ বিধানসভাৰ ভিতৰত এই ঘটনা ঘটিছিল । কিন্তু বাহিৰত এই সকল নেতাই শ্বাহু-ফুলে-আম্বেদকাৰৰ উত্তৰাধিকাৰক সূচাব আৰু নিজকে ছত্ৰপতি শিৱাজী মহাৰাজৰ উত্তৰাধিকাৰী বুলি দাবী কৰিব ।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ বিধানসভা চৌহদত এই যি ঘটনা ঘটিলে, সেইয়া সমগ্ৰ দেশৰ ৰাজনীতিতেই বিৰল । পূৰ্বে পাকিস্তানৰ দৰে অনুন্নত দেশৰ ৰাজনীতিত হে এনেধৰণৰ ঘৃণনীয় ঘটনাই স্থান লাভ কৰিছিল । কিন্তু এতিয়া দেশৰ ৰাজনীতিত, তাকো মহাৰাষ্ট্ৰৰ দৰে সভ্য তথা সাক্ষৰ এখন ৰাজ্যৰ ৰাজনীতিত সংঘটিত হোৱা এনে নিম্নমানৰ ঘটনাই দেশৰ ৰাজনৈতিক মহলক লজ্জানত কৰি তুলিছে ।

assamASSEMBLYbest news portal in assambjpCHAOSdnortheastMaharashtraNCP SPtop news portal in north east
Comments (0)
Add Comment