জেঠমাহতে গৰমে দহিছে ৰাজ্যবাসীক। ঘৰৰ ভিতৰতো প্ৰচণ্ড গৰম ,বাহিৰতো ওলাব নোৱাৰা পৰিৱেশ ৷ এই অসহ্যকৰ গৰমৰ মাজতে জুৰিয়াত প্ৰাণ গ’ল এজনৰ । গৰমক লৈ ৰে’ড এলাৰ্ট ,বৃদ্ধি পাব পাৰে হীটষ্ট্ৰোক lভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এইবাৰ গৰমকলৈ জাৰি কৰিছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট ৷
দিল্লী ,উত্তৰপ্ৰদেশ ,ৰাজস্থানৰ লগতে অসমলৈও ৰেড এলাৰ্ট জাৰি। ৰুষ্ট প্ৰকৃতিৰ বাবে অতিস্থ জনসাধাৰণৰ সন্মুখত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীয়ে মাতিছে নতুন বিপদ। কৃষকেও মূৰেকপালে হাত দিছে বতৰৰ এই ৰূপ দেখি। এজাক বৰষুণৰ অপেক্ষাত কৃষক ৰাইজ ৷ এফালে প্ৰচণ্ড গৰমৰ মাজতে বৃদ্ধি পাইছে হীটষ্ট্ৰোক। দিল্লী ৰাজস্থানৰ পিছত হীটষ্ট্ৰোকৰ বাবে অসমতো দুজনকৈ লোকৰ মৃত্যু ৷ এনে সময়ত স্বাস্থ্যবিভাগৰ তৰফৰ পৰা বিশেষ পৰামৰ্শ দেশবাসীলৈ ৷ প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৷ পৰ্যাপ্ত পানী ফল-মূলৰ ৰস আৰু সুষম আহাৰ সেৱনৰ পৰামৰ্শ চিকিৎসক বিশেষজ্ঞৰ।জলকীয়া, মছলাজাতীয় খাদ্য ,মাছ-মাংস আদি বৰ্জন কৰি নিজকে নিৰোগী ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে।
আজিৰ দিনটোত গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন জিলাত বৰ্তমান তাপমাত্ৰা এনেধৰণৰ গুৱাহাটীৰ- 35℃
ডিব্ৰুগড়-35℃
যোৰহাট-35℃
গোলাঘাট-35℃
ডিফু-35℃
ধুবুৰী-34℃
দুলিয়াজান-36℃
কেইবাটাও অঞ্চলৰ তাপমাত্ৰা ৩৯ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছেগৈ । ইতিমধ্যে উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে স্বাস্থ্যৰ প্ৰতি সাৱধানতা লোৱাৰ প্ৰয়োজনীতা আহি পৰিছে ।